যোৰহাট ,২৬ নবেম্বৰঃ অসম সাহিত্য সভাৰ বিদ্যায়তনিক শাখা প্ৰাচ্যবিদ্যাৰ্ণৱ ড°মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থানৰ অধীনত পৰিচালিত 'ড°কুতুবুদ্দিন আহমেদ-এলিজা বেগম অসমতত্ত্ব গৱেষণা ন্যাস'ৰ জৰিয়তে প্ৰকাশিত প্ৰথমখন গ্ৰন্থ অৱন্তিকা পৰাশৰৰ 'যাত্ৰা,যাত্ৰাৰ নাট আৰু ভ্ৰাম্যমান থিয়েটাৰ' দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত আজি বিয়লি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত উন্মোচন কৰা হয়৷
গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ,অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ড°অখিল চক্ৰৱৰ্তীয়ে৷গ্ৰন্থখন উন্মোচন কৰি ড°চক্ৰৱৰ্তীয়ে 'যাত্ৰা,যাত্ৰাৰ নাট আৰু ভ্ৰাম্যমান থিয়েটাৰ' গ্ৰন্থখনক অসমীয়া সাহিত্যত এক বিশেষ সংযোজন বুলি অভিহিত কৰে৷উল্লেখযোগ্য যে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ,অসমতত্ত্ব গৱেষণা সংস্থানৰ প্ৰাক্তন পঞ্জীয়ক ড°কুতুবদ্দিন আহমেদ আৰু তেওঁৰ পত্নী এলিজা বেগমে অসমতত্ত্ব সম্পৰ্কীয় গৱেষণাৰ বাবে অসম সাহিত্য সভালৈ দহ লাখ টকাৰ এটি ন্যাস আগবঢ়াইছিল৷
এই ন্যাস অসমতত্ত্ব গৱেষণা সংস্থানৰ জৰিয়তে পৰিচালিত হৈ আছে৷ন্যাসৰ গচ্ছিত ধনৰ সুদেৰে প্ৰতিবছৰে এগৰাকী গৱেষকক গৱেষণা-বৃত্তি প্ৰদান কৰা হয় আৰু তেওঁ সম্পূৰ্ণ কৰি দাখিল কৰা প্ৰকল্পটো তত্ত্বাৱধায়কৰ দ্বাৰা পৰীক্ষণৰ অন্তত গ্ৰন্থাকাৰে প্ৰকাশ কৰি উলিওৱা হয়৷এই অনুষ্ঠানত ২০১৯-২০ বৰ্ষৰ গৱেষণা-বৃত্তি লাভ কৰা অৱন্তিকা পৰাশৰৰ গৱেষণা প্ৰকল্পৰ গ্ৰন্থৰূপ উন্মোচন কৰাৰ লগতে ২০২১-২২ বৰ্ষৰ বাবে নিৰ্বাচিত গৱেষক নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক-ছাত্ৰী পূবালী বৰাক ন্যাসৰ গৱেষণা- বৃত্তি প্ৰদান কৰা হয়৷
গ্ৰন্থ উন্মোচন আৰু বৃত্তি প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি 'ড°কুতুবুদ্দিন আহমেদ স্মাৰক বক্তৃতানুষ্ঠান'ৰো আয়োজন কৰা হয়৷বক্তৃতা প্ৰদান কৰে নৱপ্ৰজন্মৰ মননশীল লেখক,নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড°অৰবিন্দ ৰাজখোৱাই৷'অসমীয়া সমালোচনা সাহিত্যৰ গতি-প্ৰকৃতি' বিষয়ত বক্তৃতা প্ৰদান কৰি ড°ৰাজখোৱাই অসমীয়া সমালোচনা সাহিত্যৰ সকলো দিশ সামৰি এক তথ্যসমৃদ্ধ ভাষণ আগবঢ়ায়৷সংস্থানৰ সমন্বয়ক ড°ৰাজশ্ৰী হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে শিল্পী মৌচুমী মহন্তই৷
সংস্থানৰ পঞ্জীয়ক ড°অদিতি বেজবৰুৱাই সঞ্চালনা কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সংস্থানৰ উপাধ্যক্ষ ড°পৰাগ কুমাৰ ঠাকুৰ,ন্যাসদাতা এলিজা বেগম,সংস্থানৰ গৱেষণা তত্ত্বাৱধায়ক ড°জ্যোতিৰেখা হাজৰিকা আৰু কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দন বৰাই বক্তব্য আগবঢ়ায়৷প্ৰিন্স অৱ ৱেলচ কাৰিকৰী আৰু প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰী অনিশা হাজৰিকাই পৰিৱেশন কৰা গীতে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷অনুষ্ঠানটিত লেখিকা অৱন্তিকা পৰাশৰ আৰু গৱেষণা-বৃত্তি প্ৰাপক পূবালী বৰাইও নিজৰ মনৰ ভাব প্ৰকাশ কৰে৷যোৰহাটৰ শিক্ষা,সাহিত্য,সংস্কৃতি ক্ষেত্ৰৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে৷
Comments