ধেমাজি , ২৬ নৱেম্বৰ: ধেমাজিৰ শিক্ষা বিভাগৰ একাংশ বিষয়া - কৰ্মচাৰীৰ সিদ্ধান্তই ধেমাজিৰ প্ৰাথমিক স্তৰৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে ৷ বিদ্যালয় একত্ৰীকৰণৰ নামত পকীগৃহ - পকী বাউণ্ডাৰী আৰু খোৱাপানী - প্ৰসাৱগাৰ সু-ব্যৱস্থাৰ থকা ধেমাজিৰ কপাঁহতলী নিম্ন প্ৰাথমিক বিদ্যালয়খন বাঁহৰ বেৰৰ এটা কোঠাৰ জীয়াঢল চুক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ লগত চামিল কৰাত ক্ষোভৰ সৃষ্টি হৈছে কপাঁহতলীৰ স্থানীয় ৰাইজৰ ৷
বিদ্যালয়ৰ একত্ৰীকৰণৰ নিৰ্দেশৰ পিছত কপাঁহতলী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী সকল ইতিমধ্যে আন বিদ্যালয়লৈ বদলি সূত্ৰে গুছি গ'ল যদিও কিন্তু ছাত্ৰ ছাত্ৰী সকল জীয়াঢল চুক নিম্ন প্ৰাথমিক বিদ্যালয়লৈ যাবলৈ অনিচ্ছুক হোৱাত কপাঁহতলী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক স্থানীয় ৰাইজে তিনিদিন ধৰি পাঠদান অব্যাহত ৰাখিছে ৷
পকী গৃহৰ সুন্দৰ বিদ্যালয় - খনৰ বিশজন ছাত্ৰ ছাত্ৰী থকা ধেমাজিৰ কপাঁহতলী নিম্ন প্ৰাথমিক বিদ্যালয়খন বাঁহ বেৰৰ আৱৰা তেৰজন ছাত্ৰ ছাত্ৰী থকা জীয়াঢল চুক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰাৰ সিদ্ধান্ত ধেমাজিৰ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী কিয় ল’লে ইয়াকলৈ সৰ্বতোপ্ৰকাৰে প্ৰশ্নৰ উদয় হৈছে ৷ পকীগৃহৰ পৰিৱৰ্তে কিয় বাঁহৰ বেৰৰ থকা সৰু গৃহৰ বিদ্যালয়খনৰ লগত একত্ৰীকৰণ কৰিলে ৷ স্বয়ং শিক্ষামন্ত্ৰী জনৰ গৃহ জিলাৰ শিক্ষা বিভাগৰ বিষয়া - কৰ্মচাৰী সকলে একত্ৰীকৰণৰ কৰা এনে কাণ্ডই হতচকিত কৰিছে সচেতনমহলক ।
Comments