সোণাৰি , ২৬ নৱেম্বৰ : আগন্তুক ২৮ নৱেম্বৰত নিষিদ্ধ ঘোষিত আলফা (স্বা)ই পালন কৰিব লগীয়া প্ৰতিবাদ দিৱসৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাত বিশেষ ভাৱে সষ্টম হৈছে সেনা বাহিনী। প্ৰতিবাদ দিৱসৰ নামত জিলাখনৰ কোনো ঠাইত আলফা সদস্যয় যাতে কোনো ধৰণৰ কূটাঘাটমূলক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সেনা বাহিনীয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি নীৰৱ হৈ থকা পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফাৰ আলোচনা বিৰোধী গোটটোৰ সদস্য সকলে উজনি অসমত নিজৰ উপস্থিতিৰ প্ৰমাণ দিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেনা এক সূত্ৰে সদৰী কৰা মতে আলফা (স্বা)ৰ এটা ১১-১২ জনীয়া সদস্যৰ গোটে ভাৰত ম্যানমাৰ সীমান্তত অৱস্থিত শিবিৰৰ পৰা নগালেণ্ডত প্ৰৱেশ কৰিছে।
লগত যথেষ্ট পৰিমাণৰ বিস্ফোৰক আৰু অস্ত্ৰ শস্ত্ৰ লৈ অহা আলফা(স্বা)ৰ গোটটোৰ নেতৃত্ব দিছে দুৰ্ধৰ্ষ আলফা নেতা গণেশ লাহন ওৰফে গণেশ অসমে বুলি সূত্ৰটোৱে জানিব দিছে। চৰাইদেউ জিলাত প্ৰবেশৰ বাবে সুযোগৰ অপেক্ষাত থকা আলফা সদস্যৰ দলটোক বাধা দিবৰ বাবে সেনা বাহিনীয়ে জিলাখনত দিনে নিশাই অভিযান আৰম্ভ কৰিছে।
চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ বানফেৰাত বাহৰ পাতি থকা সেনা বাহিনীৰ দলে আজি নগৰখনত প্ৰৱেশ কৰা যান বাহন সমূহৰ তন্ন তন্ন কৰি তালাচী চলোৱা পৰিলক্ষিত হয়। ইয়াৰ উপৰিও নিশাৰ ভাগত সেনাৰ দলে নগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল সমূহত চোকা দৃষ্টি ৰখা বুলি জানিব পৰা গৈছে।
Comments