তালাপ, ২৬ নবেম্বৰ : তিনিচুকীয়া জিলা সাহিত্য সেৱী মঞ্চৰ তৃতীয় বাৰ্ষিক অধিৱেশনখনি আজি এদিনীয়া কাৰ্যসূচীৰে ৰূপাই জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ যায় । অধিবেশনৰ মুকলি সভাত 'প্ৰয়াত বেণুধৰ নেওগ সোঁৱৰণি স্মাৰক বক্তৃতা' অনুস্থানত 'আজিৰ সাংবাদিকতা' বিষয়ত এলানি বক্তৃতা প্ৰদান কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক আৰু লেখক অমূল্য খাটনিয়াৰে ।
তেওঁ ২৪২ বছৰ পূৰ্বে কি দৰে সাংবাদিকতা আৰম্ভ হৈ তিনিটামান স্তৰ অতিক্ৰম কৰি আজিৰ পৰ্যায় পাইছেহি তাক ফঁহিয়াই বৰ্ণনা কৰে সাংবাদিক গৰাকীয়ে সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভুমিকা পালনত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু আজিৰ সাংবাদিকতাক মালিক পক্ষই সম্পূৰ্ণৰূপে ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰি আছে ৷
পুৱা মঞ্চৰ পতাকা সভাপতি অতুল চন্দ্ৰ শৰ্মাই উত্তোলন কৰি কাৰ্যসূচীৰ আৰম্ভ কৰে । স্মৃতি তৰ্পণ কৰে মঞ্চৰ মাৰ্গদৰ্শক সমিতিৰ অন্যতম সদস্য বদন শৰ্মাই । অতুল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বিষয় বাছনি সভাখনি ৰূপাই জাতীয় বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটা বৰগীতেৰে আৰম্ভ কৰা হয় । মঞ্চৰ সম্পাদক শৰৎ চন্দ্ৰ চিৰিং ফুকন আৰু বিত্ত সম্পাদক অভিজিৎ খাটনিয়াৰে সম্পাদকীয় প্ৰতিবেদন আৰু বিত্তীয় প্ৰতিবেদন সভাত দাখিল কৰে আৰু সভাই দুয়োখন প্ৰতিবেদনত অনুমোদন জনায় ।
সভাত পৰৱৰ্তী কাৰ্যকালৰ বাবে অতুল বৰদলৈক সভাপতি, প্ৰণতি বৰুৱাক কাৰ্যকৰী সভাপতি, শৰৎ চন্দ্ৰ চিৰিং ফুকনক উপ-সভাপতি, পল্লৱ শৰ্মাক সম্পাদক, বীৰ্কে বাহাদুৰ থাপাক সহকাৰী সম্পাদক , অভিজিৎ খাটনিয়াৰক বিত্ত সম্পাদক, ৰুণুমণি দত্ত ভূঞাঁক প্ৰকাশন সচিব, ৰাজেন শৰ্মাক সাংগঠনিক সম্পাদক আৰু দিগন্ত বৰঠাকুৰক সাংস্কৃতিক সম্পাদক হিচাপে লৈ মঞ্চৰ কাৰ্যনিৰ্বাহখন আগন্তুক কাৰ্যকালৰ বাবে গঠন কৰে ।
বিয়লি মঞ্চৰ নৱনিৰ্বাচিত সভাপতি অতুল বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত অধিৱেশনৰ মুকলি সভাখনি উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক তথা মঞ্চৰ এগৰাকী অন্যতম মাৰ্গদৰ্শক পুণ্য শইকীয়াই । সভাপতিৰ অভিভাষণত মঞ্চৰ নৱনিৰ্বাচিত সভাপতি অতুল বৰদলৈয়ে কয় যে জনগোষ্ঠীয় মাত-কথাই নতুন নতুন ৰূপেৰে, বিভিন্ন উপাদানেৰে অসমীয়া ভাষা - সাহিত্যক চহকী কৰি আহিছে। সেয়েহে এই নৃগোষ্ঠীয় লোক -উপাদানসমূহক সমল হিচাপে আহৰণ কৰিব পাৰিলেহে জাতিটোৰ লগতে ভাষা -সাহিত্যৰো উত্তৰণ ঘটিব ।
মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া যোগেশ বৰুৱাই । নিজৰ ভাষণত বৰুৱাই সম্প্ৰতি সমাজত পঢ়ুৱৈৰ সংখ্যা কমি যোৱা বুলি খেদ প্ৰকাশ কৰে আৰু সাহিত্য সেৱী মঞ্চৰ দৰে সাহিত্য সংগঠনসমূহক পঢ়ুৱৈ সৃষ্টি কৰাৰ বাবে বিশেষ অভিযান চলাবলৈ আহ্বান জনায় ।মুকলি সভাত বিশিষ্টা লেখিকা প্ৰণতি বৰুৱাৰ নৱতম উপন্যাস 'ন-দিহিং, বলুকা আৰু বিষাদ' আৰু ৰুণুমণি দত্ত ভূঞাঁৰ প্ৰৱন্ধ সংকলন 'উন্মেষ' উন্মোচন কৰে অসম মাধ্যমিক শিক্ষা সংসদৰ ভূতপূৰ্ব অধ্যক্ষ ধনদেৱ মহন্তই ।
ভাষণ প্ৰসংগত উন্মোচক মহন্তই অনাগত দিনত অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধনত তিনিচুকীয়া জিলা সাহিত্য সেৱী মঞ্চই আৰু অধিক সক্ৰিয়তাৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে । মঞ্চৰ সহকাৰী সম্পাদক পল্লৱ শৰ্মাই আঁত ধৰা মুকলি সভাত কণ্ঠশিল্পী ৰুণুমণি দত্ত ভূঞাঁৰ দলে গীত পৰিবেশন কৰে । সভাত মঞ্চৰ বিদায়ী সভাপতি অতুল চন্দ্ৰ শৰ্মা, প্ৰতিষ্ঠাপক সভানেত্ৰী শ্বৰিফা খাটুন চৌধুৰী, মাৰ্গদৰ্শক বদন শৰ্মা, বিশিষ্ট লেখক তথা ডুমডুমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ প্ৰফুল্ল মেধি, ডুমডুমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা বীণা বৰদলৈ, বিশিষ্ট কবি ড০ অৰুণা গগৈ বৰুৱা, জ্যেষ্ঠ সাংবাদিক অৰ্জুন বৰুৱা, ডুমডুমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰণীতা সন্দিকৈ, লেখিকা মঞ্জুল শৰ্মা, বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ উপাধ্যক্ষা তথা প্ৰয়াত বেণুধৰ নেওগৰ কন্যা ড০ প্ৰণীতা নেওগ আৰু তেওঁৰ স্বামী অজয় দাস প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
Comments