Cartoon
View Older
গুৱাহাটী,২৭ নৱেম্বৰ:বিশ্বৰ সবাটোকৈ উচ্চ শিৱ মূৰ্তি ‘‘বিশ্ব স্বৰূপম’’ জনগণৰ বাবে আজি মুকলি কৰি দিয়া হ’ব ৷ বিশ্ব স্বৰূপমৰ বিশ্বাৰ্পন ২৯ অক্টোবৰত প্ৰসিদ্ধ গল্পকাৰ মোৰাৰী বাপুৱে কৰিছিল ৷ বিশ্বৰ সবাতোকৈ ওখ ৩৬৯ ফুট উচ্চতাৰ শিৱ মূৰ্তিটো নাথদ্বাৰাৰ গণেশ টেক্ৰিত অৱস্থিত ‘তট পদম উপভান’ত স্থাপন কৰা হৈছে ।
ৰাজস্থানৰ ৰাজসামন্দ জিলাৰ নাথদ্বাৰা চহৰৰ গণেশ টেক্ৰিৰ ওপৰত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ শিৱ মূৰ্তিটো ইমানেই বিশাল যে, ইয়াক চাবলৈ চাৰি ঘণ্টা সময় লাগিব । বিভিন্ন উচ্চতাত উপনীত হ’বলৈ মূৰ্তিটোৰ ভিতৰত ৪ টা লিফ্ট আছে । ইয়ালৈ ভ্ৰমণ কৰিবলৈ অহা লোকসকলক ২০ ফুটৰ পৰা ৩৫১ ফুট উচ্চতালৈ যাত্ৰা কৰোৱা হ’ব । ইয়াত লিফ্টৰ মাজেৰে ২৭০ ফুট উচ্চতালৈ উঠি গৈ শিৱৰ বাওঁ হাতত থকা ত্ৰিশূল দেখা পোৱা যায় ।
Comments