গুৱাহাটী,২৭ নৱেম্বৰ:ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত সমগ্ৰ অসমত চলা স্বাস্থ্য সেৱা অভিযানৰ অন্তৰ্গত ২২ নৱেম্বৰত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ লখিমপুৰৰ নাওবৈচা খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত বালিটিকা হাইমাদ্রাছাত অনুষ্ঠিত কৰা হয়। উক্ত স্বাস্থ্য শিবিৰৰ দ্বাৰ মুকলি কৰে লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ অপূৰ্ব কুমাৰ শৰ্মাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত স্বাস্থ্য সজাগতা সভা অনুষ্ঠানত জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ অপূৰ্ব কুমাৰ বৰুৱাই ভাষণত কয় যে—বর্তমান সময়ত ডেংগুৰ প্ৰাদুৰ্ভাৱ কিছু বৃদ্ধি পাইছে। ইয়াৰ পৰা ৰক্ষা পাবলৈ অলাগতিয়াল বাচন-বৰ্তন (কাগজৰ কাপ-প্লেট), টায়াৰ, নাৰিকলৰ খোলা, খালি টাব আদিত জমা হোৱা পানীত ডেংগু মহে (এডিছ) কণী পাৰে, সেয়ে ঘৰৰ কোনো মুকলি পাত্ৰত পানী জমা হ'বলৈ নিদিব আৰু চাফা কৰি এনে ম’হৰ বংশবৃদ্ধি প্ৰতিৰোধ কৰিব পাৰি । ডেংগু মহে দিনত কামোৰে, সেয়ে দিনত শোৱাৰ সময়তো আঁঠুৱা ব্যৱহাৰ কৰিব লাগে বুলিও পৰামৰ্শ আগবঢ়ায়। স্বাস্থ্য সজাগতা সভাত উপস্থিত থাকে নাওবৈচা খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা পৰ্যায়ৰ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাক্তৰ পৰিমল দাস, পশ্চিম নাওবৈচা পঞ্চায়তৰ অঞ্জুমা বেগম, বালিটিকা হাইমাদ্ৰাছাৰ ভাৰপ্ৰাপ্ত প্রধান শিক্ষক আব্দুল আবাল, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হাফিজুৰ ৰহমান।
উল্লেখ্য যে উক্ত স্বাস্থ্য মেলাত প্রায় ৫ শতাধিক লোকক সাধাৰণ স্বাস্থ্য পৰীক্ষা, শিশু তথা মাতৃৰ টীকাকৰণ, ক’ভিড ১৯ৰ টীকাকৰণ, আয়ুষ্মান ভাৰত হেলথ্ একাউণ্ট (আভা, বিনামূলীয়া ঔষধ, তেজ পৰীক্ষা, অসংক্ৰমিত ৰোগ) (মধুমেহ, উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ)ৰ পৰীক্ষাৰ লগতে মেডিচিন, কাণ, নাক, ডিঙি, চকু, দাঁত, স্ত্ৰীৰোগ, শিশুক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্রদান কৰাৰ লগতে কুষ্ঠ ৰোগ, যক্ষ্মা, মানসিক স্বাস্থ্য, বীজাণুনাসক ৰোগ আৰু চৰকাৰৰ বিভিন্ন সজাগতামূলক আঁচনি সম্পর্কে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয় । উক্ত স্বাস্থ্য মেলাত চিকিৎসা সেৱা আগবঢ়ায় ক্রমে—ডাক্তৰ প্রশান্ত নেওগ, মাধৱ দাস, আজু ৰহমান, সুজাতা ৰাণী নায়ক, আয়ান দাসৰ লগতে জনস্বাস্থ্য বিষয়া গীতা কুজুৰ, শিখামণি হাজৰিকা, সঞ্জীৱ হাজৰিকা, কিশোৰ মণ্ডল, তবিতা বাগ, লুজি দেউৰী, বিদিশা শৰ্মা, স্মৃতি চায়া শইকীয়া, মিতালি কলিতা, বিকাশ বৰুৱা আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়া তথা কৰ্মচাৰীয়ে।
Comments