Cartoon
View Older
গুৱাহাটী,২৭ নৱেম্বৰ:চৌদি আৰৱৰ হাতত পৰাস্ত হোৱাৰ পাছত অৱশেষত কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপত আৰ্জেণ্টিনাই জয়লাভ কৰে। শনিবাৰে গ্ৰুপৰ দ্বিতীয়খন খেলত মেক্সিকোক ২-০ গ’লত পৰাস্ত কৰে আৰ্জেণ্টিনাই।
দ্বিতীয়াৰ্ধত লিয়নেল মেছি আৰু এনজো ফাৰ্নাণ্ডেজে দুটা গ’ল দিয়ে। গ্ৰুপ ‘চি’ৰ দুখন মেচৰ পৰা আৰ্জেণ্টিনাই ৩ পইণ্ট লাভ কৰিছে।যোৱা বিশ্বকাপত আৰ্জেণ্টিনাই নাইজেৰিয়াৰ বিৰুদ্ধে এনে নিৰ্ণায়ক মেচ খেলিছিল। সেইবাৰো মেছিয়ে গ’ল কৰিছিল ।
Comments