Cartoon
View Older
গুৱাহাটী,২৭ নৱেম্বৰ:ছত্তীশগড়ৰ বাস্তাৰৰ বিজাপুৰ জিলাত শনিবাৰে নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত হয় দুগৰাকী মহিলাসহ ৪ জনকৈ মাওবাদী কেডাৰ।
শনিবাৰে পুৱা প্ৰায় ৭:৩০ বজাত মিৰ্টুৰ থানাৰ অন্তৰ্গত পমৰা গাঁৱৰ সমীপৰ এখন অৰণ্যত সংঘটিত হয় এই সংঘৰ্ষ।বাস্তাৰৰ আৰক্ষী মহাপৰিদৰ্শক সুন্দৰৰাজ পিয়ে জানিবলৈ দিয়া মতে, অৰণ্যৰ মাজত মাওবাদীৰ সংমণ্ডল সমিতিৰ সদস্য মোহন কদতি আৰু সুমিত্ৰা সহ এটা ৩০-৪০ জনীয়া দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে ডিআৰজি, এছটিএফ আৰু চিআৰপিএফ বাহিনীতে যুটীয়াভাৱে অভিযান চলায়।অভিযানকালত মাওবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষীলৈ গুলীবৰ্ষণ কৰাত প্ৰত্যুত্তৰ দিয়ে নিৰাপত্তাৰক্ষীয়েও।
Comments