গুৱাহাটী,২৭ নৱেম্বৰঃঅশান্তজৰ্জৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰিস্থিতি এতিয়াও সম্পূৰ্ণ স্বাভাৱিক হোৱা নাই । বিগত কেইদিন ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত সংঘটিত হৈ আহিছে বিক্ষিপ্ত ঘটনা ৷ বিগত পাঁচদিন ধৰি অসম-মেঘালয়ৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ আছিল ৷ অৱশেষত আজি ষষ্ঠ দিনা অসম-মেঘালয়ৰ মাজৰ যাতায়াত ব্যৱস্থা মুকলি কৰি দিয়া হয়। অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাই ভয়াৱহ ৰূপ ধাৰণ কৰাত বন্ধ ৰখা হৈছিল যাতায়াত ব্যৱস্থা ৷
পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰ'ত মঙলবাৰে সংঘটিত হোৱা ঘটনাত আৰক্ষীৰ গুলীত ৫ জন খাচী লোকৰ মৃত্যু হৈছিল ৷ আনহাতে খাচী দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছিল অসমৰ এজন বনৰক্ষী । এই ঘটনাটোক কেন্দ্ৰ কৰি অগ্নিগৰ্ভা হৈ পৰিছে পাহাৰীয়া ৰাজ্যখন । ৰাজ্যখনৰ ঠায়ে ঠায়ে সংঘটিত হৈছিল বিক্ষিপ্ত ঘটনা ৷ বিশেষকৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ লোকৰ লগতে অসমৰ বাহনত আক্ৰমণ কৰা হৈছে ।
Comments