মাজুলী,২৭,নৱেম্বৰ:মাজুলীৰ পূৱ প্ৰান্তৰ ৰাইজৰ স্বাস্থ্য যতনৰ বাবে সহায় হোৱাকৈ আজি আনুষ্ঠানিকভাৱে বনগাঁৱত মুকলি হৈছে অত্যাধুনিক শীত-তাপ নিয়ন্ত্ৰিত শৰীৰ চৰ্চা কেন্দ্ৰ 'কেপিটেল ফিটনেছ চেন্টাৰ ইউনিচেক্স' শীৰ্ষক শৰীৰ চৰ্চা কেন্দ্ৰ। আজি বনগাঁৱত উক্ত শৰীৰ চৰ্চা কেন্দ্ৰটো আজি ফিটাকাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মাজুলীৰ বিধায়ক ভূৱন গামে। উদ্বোধনী ভাষণত ভুৱন গামে মাজুলীৰ পূব প্ৰান্তৰ যুৱক-যুৱতী সকলক এই শৰীৰ চৰ্চা কেন্দ্ৰটোৱে বহু খিনি সহায় কৰিব বুলি মন্তব্য কৰি 'কেপিটেল ফিটনেছ চেন্টাৰ ইউনিচেক্স' শৰীৰ চৰ্চা কেন্দ্ৰই সমগ্ৰ মাজুলীকো এদিন সামৰি লওক বুলি আশা প্ৰকাশ কৰে। বিজয় শংকৰ বৰবৰা আৰু দেৱলক্ষ্মী শৰ্মাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত বিজয় শংকৰ বৰবৰাই এই জীমটোৰ প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনী ৰাইজৰ আগত প্ৰকাশ কৰি যোৰহাটত প্ৰতিষ্ঠা কৰাৰ সুবিধা থকাৰ পিছতো তাত নকৰি মাজুলীৰ ৰাইজৰ সহায়ৰ বাবে এক নিম্নতম মূল্যত সকলোকে সুবিধা দিয়াৰ মানসেৰে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে বুলি মন্তব্য কৰে। সভাত উপস্থিত থাকি মাজুলীৰ আৰক্ষী অধীক্ষক গৌতম বৰাই মানুহৰ স্বাস্থ্যৰ যতন সম্পৰ্কত পৰাৰ্মশমুলক বক্তব্য প্ৰদান কৰাৰ লগতে এই শৰীৰ চৰ্চা কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰে ৷
সভাত মাজুলী জিলা বিজেপিৰ সভাপতি বীৰেন শইকীয়া, প্ৰাগ নিউজৰ সাংবাদিক উৎপল বৰা, এন ডি ২৪ ৰ সাংবাদিক কৌস্তৱ মনি কাকতি, অসম কৰ্পাৰেটিভ এপক্স বেংকৰ সঞ্চালক দিব্যজ্যোতি শইকীয়া, অধিবক্তা প্ৰেম এন্ট্ৰনি, যোৰহাট জিলা বিজেপিৰ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ, বনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ ৱাংজেন, ভুগেশ্বৰ শইকীয়া, বিজু শইকীয়া, সুৰেন ভূঞাই শৰীৰ চৰ্চা কেন্দ্ৰৰ উপকাৰীতা , স্বাস্থ্যৰ যতন আদি দিশৰ ওপৰত ভাষন প্ৰদান কৰে। কেপিটেল ফিটনেছ চেন্টাৰ ইউনিচেক্স শৰীৰ চৰ্চা কেন্দ্ৰটোৰ স্বত্বাধীকাৰী আদিত্য শৰ্মা আৰু সংগীতা শৰ্মাই এই কেন্দ্ৰটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মাজুলীবাসীৰ পূৰ্ণ সহযোগিতা কামনা কৰে।
Comments