Cartoon
View Older
গুৱাহাটী,২৭ নৱেম্বৰ:ব্ৰিটেইন চৰকাৰে কৰদাতাৰ ধনৰ ১৩ লাখ পাউণ্ড খৰচ কৰি ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ ডাউনিং ষ্ট্ৰীটত থকা বাগিচাখনত ব্ৰঞ্জৰ ভাস্কৰ্য্য স্থাপন কৰাক লৈ তীব্ৰ সমালোচনাৰ সন্মূখীন হৈছে ।
দ্য ছান কাকতৰ মতে,ৱৰ্কিং মডেল ফৰ ছিটেড উইমেন নামৰ ১৯৮০ চনৰে এটা বিমূৰ্ত ভাস্কৰ্য্যক নিলামত বিক্ৰী কৰা হৈছিল আৰু ইয়াক যোৱা মাহত কৰদাতাৰ পুঁজিৰে গভৰ্ণমেণ্ট আৰ্ট কলেকচনে অধিগ্ৰহণ কৰিছিল । যি সময়ত দেশখনে আকাশলংঘী মুদ্ৰাস্ফীতি, বৃদ্ধি পোৱা ঘৰুৱা বিল, আৰু ৰাজহুৱা পুঁজিৰ অভাৱৰ মাজেৰে সংগ্ৰাম কৰি আছে,সেই সময়ত এই মূৰ্তি ক্ৰয় কৰাক লৈ যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছে ।
Comments