Cartoon
View Older
গুৱাহাটী, ২৮ নৱেম্বৰঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ কেতিয়া সমাপ্তি হ'ব কোনেও নাজানে। ৰাছিয়াই ইতিমধ্যে বেছিভাগ পাৱাৰ গ্ৰিড বন্ধ কৰি ইউক্ৰেইনক অন্ধকাৰৰ দিশে ঠেলি দিছে। মানুহৰ বাবে বিদ্যুৎ অবিহনে শূন্যৰ তলৰ তাপমাত্ৰাত বাস কৰাটো কঠিন হৈ পৰিছে। একে সময়তে, শেহতীয়াকৈ খবৰ পোৱা গৈছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মস্কোকে ধৰি মুখ্য চহৰসমূহত সামৰিক আইন জাৰি কৰিব।
ইয়াৰ উপৰিও পুটিনে সেনাবাহিনীত প্ৰায় ২০ লাখ লোকক নিযুক্তি দিব বুলিও জানিব পৰা গৈছে। য'ত প্ৰায় ৩ লাখ মহিলাক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। যদিও পুটিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে এই পৰিকল্পনা নিশ্চিত কৰা নাই, বিভিন্ন অনুমান কৰা হৈছে যে পুটিনে সামৰিক নিযুক্তিৰ বাবে জাৰী কৰা প্ৰথম ঘোষণা বাতিল কৰাত স্বাক্ষৰ কৰা নাই।
Comments