গুৱাহাটী, ২৮ নৱেম্বৰঃ বহুতেই মেদবহুলতাৰ বাবে অসুবিধাত পৰিছে। পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ মানুহে ব্যায়াম কৰিবই লাগিব, কিয়নো সকলোৱে জিমৰ বাবে ধন ব্যয় কৰিব নোৱাৰে বা পছন্দ নকৰে, সেয়েহে মানুহে পাৰ্ক আৰু খেলপথাৰত দৌৰিবলৈ পছন্দ কৰে। দৌৰা হৈছে এক উৎকৃষ্ট ব্যায়াম যি পেটৰ চৰ্বি হ্ৰাস কৰে, ৰক্ত সঞ্চালন বৃদ্ধি কৰে, আৰু লগতে হৃদৰোগ প্ৰতিৰোধ কৰে, কিন্তু বহুলোকে দৌৰাৰ সময়ত কিছুমান ভুল কৰে, যাৰ বাবে তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব লগা হয়।
• দৌৰাৰ সময়ত হোৱা সমস্যাঃ
দৌৰাটো মানুহৰ স্বাস্থ্যৰ বাবে লাভজনক, কিন্তু কেতিয়াবা দৌৰবিদজনেও আঘাতৰ সন্মুখীন হ'ব লগা হয়, সেয়েহে ওজন হ্ৰাস কৰাৰ উৎসাহত, একেবাৰে ভুল ধৰণে দৌৰিব নালাগে, কিয়নো এনে কৰিলে শৰীৰৰ ওলোটা ক্ষতিহে হ'ব পাৰে।
~ গোৰোহা ফুলা
সকলোৱে প্ৰায়ে অনুভৱ কৰিছে যে গোৰোহাৰ পিছফালৰ পেশীবোৰ দৌৰাৰ সময়ত ফুলিবলৈ আৰু প্ৰসাৰিত হ'বলৈ আৰম্ভ কৰে। যদিও এই সমস্যাটো সচৰাচৰ হয়, কিন্তু তথাপিও ইয়াক এৰাই চলাটো প্ৰয়োজনীয়। এইটো প্ৰায়ে দ্ৰুতগতিত দৌৰাৰ বাবে হয়।
~ তলুৱাত বিষ
যদি মানুহে দৌৰাৰ সময়ত আৰামদায়ক জোতা নিপিন্ধে, তেনেহ'লে ভৰিৰ তলুৱাত বিষ হ'ব পাৰে।
~ আঁঠুত বিষ
বহুসময়ত মানুহে প্ৰয়োজনতকৈ দ্ৰুতগতিত দৌৰিবলৈ আৰম্ভ কৰোঁ, যাৰ ফলত আঁঠুত বিষ হয়। ইয়াক পেটেলোফেমৰেল পেইন চিণ্ড্ৰোম বুলিও কোৱা হয়। সেইকাৰণে কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন।
• আঘাত পৰিহাৰ কৰিবলৈ এই বস্তুবোৰৰ যত্ন ল'বঃ
~ দৌৰাৰ আগত আৰু পিছত পেশী আৰু শৰীৰ প্ৰসাৰিত কৰক
~ দৌৰাৰ মাজত ২ ৰ পৰা ৫ মিনিটৰ বিৰতি লওক
~ অত্যাধিক দ্ৰুতগতিত দৌৰা পৰিহাৰ কৰক
~ আৰামদায়ক জোতা পিন্ধিব
~ দৌৰি থাকোঁতে মোবাইল ব্যৱহাৰ নকৰিব
Comments