গুৱাহাটী,২৮ নৱেম্বৰ:ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হয় ৰেগিঙৰ ভয়ানক কাণ্ড । জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত চিকিৎসাধীন হয় এজন কণিষ্ঠ আৱাসী । এই ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দোষীক কৰায়ত্ব কৰাৰ লগতে আহত ছাত্ৰজনক উপযুক্ত চিকিৎসাৰ নিৰ্দেশ দিয়ে ।
ইয়াৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে নিশাই আটক কৰিলে চাৰিজন জ্যেষ্ঠ ছাত্ৰক । ধৃত ছাত্ৰ চাৰিজন ক্ৰমে প্ৰাণজিৎ বৰুৱা, নিৰঞ্জন ঠাকুৰ, আৰু সীমান্ত হাজৰিকা। তদুপৰি এই সমগ্ৰ ঘটনাক লৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ নিৰৱ হৈ থকাৰ অভিযোগ৷ ৰেগিং কাণ্ডত আৰু বহু ছাত্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ । উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত দেওবাৰে সংঘটিত হৈছিল ৰেগিঙৰ ঘটনা । জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল বাণিজ্য বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মা ।
Comments