গুৱাহাটী,২৮ নৱেম্বৰ:অসম আৰু মেঘালয়ৰ মাজত অব্যাহত থকা সংঘাত আৰু সীমা সমস্যা সন্দৰ্ভত মন্তব্য বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ৷ দেওবাৰে মৰিগাঁৱত এক অনুষ্ঠানত উপস্থিত হৈ তেওঁ কয়, ‘‘যিহেতু আমি একেখন ভাৰত ৰাষ্ট্ৰৰ অধীনতে আছোঁ, গতিকে এই সমস্যাৰ সমাধানৰ বাবে সকলোৱেই ধনাত্মকভাৱে আগবাঢ়িব লাগে । কাশ্মীৰৰ দৰে সমস্যাক সমাধান কৰিব পাৰিছে অসমৰ লগত হোৱা মেঘালয়ৰ অৰুণাচল সমস্যাৰ সমাধান কৰিব নোৱাৰাৰ প্ৰশ্ন থাকিব নোৱাৰে’’ । ইয়াৰ বাবে সকলো নেতৃত্বক আগুৱাই আহিবলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে ৷
দেওবাৰে সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ এশ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকি এই আহ্বান জনায় প্ৰমোদ বড়োৱে ৷ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে, শ্বেত বিপ্লৱে কেৱল যে গাখীৰ উৎপাদনেই কৰিছে তেনে নহয় । গাখীৰ উৎপাদনৰ সমান্তৰালকৈ গাখীৰৰ দ্বাৰা উৎপাদিত বিভিন্ন খাদ্য সম্ভাৰ প্ৰস্তুত কৰি ইয়াৰ লগত জড়িত বহতো পৰিয়াল অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হৈছে । মৰিগাঁৱৰ জাগীৰোডৰ সীতা জখলা দুগ্ধ উৎপাদন সমবায় সমিতি শ্বেত বিপ্লৱৰ প্ৰেৰণা বুলি তেওঁ মন্তব্য কৰে ।
Comments