Cartoon
View Older
গুৱাহাটী,২৮ নৱেম্বৰ: আগন্তুক ডুবাই আন্তঃৰাষ্ট্ৰীয় শক্তি উত্তোলন প্রতিযোগিতালৈ অসমৰ পৰা চৈবাল সেনগুপ্তা নিৰ্বাচিত হোৱাৰ বাতৰিয়ে সমগ্ৰ ডিগবৈবাসী উৎফুল্লিত হৈ পৰিছে। ২ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈকে আৰবৰ ডুবাইত অনুষ্ঠিত হ'বলগীয়া এছিয়ান শক্তি উত্তোলন চেম্পিয়নশ্বিপত ৮৩ কেজি মাষ্টাৰ্ছ শাখাত অংশগ্রহণ কৰিব।
উক্ত প্রতিযোগিতাখনত ভাৰতবৰ্ষৰ ৯ গৰাকী পুৰুষ আৰু ১৭ গৰাকী মহিলা খেলুৱৈয়ে অংশগ্রহণ কৰিব। অসমৰ পৰা একমাত্ৰ খেলুৱৈ চৈবাল সেনগুপ্তাই আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী পুঁজিৰ পৰা পঁচিছ হাজাৰ টকাৰ এককালীন অনুদান লাভ কৰিছে। পূর্বেও চৈবাল সেনগুপ্তাই মহাৰাষ্ট্ৰৰ নাগপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্রতিযোগিতাত পদক বুটলিবলৈ সক্ষম হৈছিল।
Comments