গুৱাহাটী, ২৮ নৱেম্বৰঃডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাহুল চেত্ৰী।ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰী পলাতক হৈ আছে।স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি ৰাহুলৰ বিৰুদ্ধে পূৰ্বে বহু মাৰপিটত জড়িত থকাৰ অভিযোগ আছে।ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰাহুল চেত্ৰী।
অভিযুক্ত ৰাহুল চেত্ৰীক বিচাৰি নিশা জাগুনত আৰক্ষীৰ অভিযান।ৰাহুল ছেত্ৰীৰ ভাতৃ ৰুবুল চেত্ৰীক আটক কৰা হৈছে।লেখাপানী আৰক্ষীয়ে পুৱা সোধা–পোছাৰ বাবে ৰাহুলৰ ভাতৃ ৰুবুল চেত্ৰীক আটক কৰে।
লেখাপানী থানাৰ অন্তৰ্গত ৩নং উদয়পুৰ কুঁহিয়াৰবাৰীত ঘৰ ৰাহুল চেত্ৰীৰ।ইফালে, জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতা নামৰ দুজন ছাত্ৰকো এটা কোঠাত আবদ্ধ কৰি নিৰ্মম অত্যাচাৰ চলাইছিল একাংশই।ইয়াৰ পিছত দুয়োকে উদ্ধাৰ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চিকিৎসা কৰাই অতিথি গৃহত নিশা সুৰক্ষাৰ কাৰণে ৰাখে।
Comments