গুৱাহাটী,২৮ নৱেম্বৰ:নলবাৰীৰ বালিলেছাত অনুষ্ঠিত হয় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ বিংশতিতম অধিবেশন ।অধিবেশনৰ প্ৰতিনিধি আৰু বিষয় বাছনি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই।
যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক তথা কেন্দ্রীয় পর্যবেক্ষক মৃদুল তালুকদাৰে শুভ উদ্বোধন কৰা প্ৰতিনিধি আৰু বিষয় বাছনি সভাখনত পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে, অসমীয়া ভাষা কোৱাৰ সংখ্যা যদি লোকপিয়লত কমি যায়, তেতিয়াহলে অসমীয়া জাতি সংখ্যালঘু হ’ব।পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পার্থপ্রতীম শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত আৰু সাধাৰণ সম্পাদক কৌশিক বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা উক্ত সভাখনত কেন্দ্ৰীয় পর্যবেক্ষক মদন কুমাৰ, পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বিশ্বজিত বৰুৱা, শিক্ষা সম্পাদক মৃনাল কুমাৰ বৰ্মন, প্ৰচাৰ সম্পাদক ব্ৰজেন চৌধুৰী, কার্যনির্বাহক সদস্য নগেন শালৈ উপস্থিত থাকে।
Comments