গুৱাহাটী,২৮ নৱেম্বৰ:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ পাছতেই পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত ডিব্ৰুগড় আৰক্ষীৰ অভিযান । ক্ষীপ্ৰতাৰে চলিছে তদন্ত প্ৰক্ৰিয়া । তিনিজনক নিশাই আটক কৰাৰ বিপৰীতে এজনক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে ৷ আন দুজন পলাতক ছাত্ৰৰ বিৰুদ্ধেও অভিযান তীব্ৰতৰ কৰি তুলিছে ডিব্ৰুগড় আৰক্ষীয়ে । ইতিমধ্যে ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক বিচাৰি আৰক্ষীৰ অভিযান চলি আছে বুলি জানিবলৈ দিছে তদন্তকাৰী আৰক্ষী বিষয়াই ।
ইতিমধ্য নিশাই ডিব্ৰুগড়ৰ আৰক্ষীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱাৰ ছাত্ৰ নিবাসৰ পৰা আটক কৰে প্ৰাণজিৎ বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকাক । ভুক্তভোগী আনন্দ শৰ্মাই ৫ জন মূল ছাত্ৰৰ নাম উল্লেখ কৰিছিল । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত বিশ্ববিদ্যালয় ৰেগিং কমিটিৰ জৰুৰী বৈঠক । এই বৈঠকৰ পাছতে ঘটনা সম্পৰ্কত সিদ্ধান্ত জনাব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।
Comments