জগদুৱাৰ , ২৮ নৱেম্বৰ: এপাৰ্টৰ অধীনত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উদ্যোগত আজি টীয়ক সমষ্টিৰ অন্তৰ্গত কপিলাচুকত আনুষ্ঠানিক শস্য চপোৱা আৰু পথাৰ দিৱস উদযাপন কৰা হৈছে।উক্ত সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ উপস্থিত থাকি আধুনিক যান্ত্ৰিক পদ্ধতিৰে পথাৰত ধান দোৱা আৰু ধান ৰোৱা পদ্ধতি পৰ্যবেক্ষণ কৰি সকলোকে এই অত্যাধুনিক পদ্ধতিৰে খেতি খোলা কৰিবলৈ অসমীয়া চহা কৃষক সমাজক আহ্বান জনাইছে।
লগতে পথাৰত নিজে নামি মেচিন চলাই ধান দাই কৃষকসকলক উৎসাহিত কৰি তোলে। উল্লেখযোগ্য যে উক্ত পথাৰত এই পদ্ধতিৰে কৰা খেতিদৰাত পূৰ্বতকৈ অধিক শস্য উৎপাদন,কম খৰচ তথা কম সময় আৰু কম শ্ৰমিকৰ প্ৰয়োজন হৈছে যি কৃষকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।
ইপিনে অতি কম টকাতে চৰকাৰৰ ৰাজহ সাহাৰ্য লাভ কৰি এনেধৰণৰ যন্ত্ৰ ক্ৰয় কৰি নিজৰ খেতিদৰাত বৈজ্ঞানিক দৃষ্টিভংগীৰে আগবাঢ়ি আৰ্থিক ভাৱে সুচল হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰি সকলোৱে।তাৰ পাছতে এই কৃষি পদ্ধতিৰে প্ৰথম অৱস্থাৰ পৰা কিদৰে পথাৰখন প্ৰস্তুত কৰিব লাগে আৰু পৰৱৰ্তী সময়ত কিদৰে আগবাঢ়িব লাগে তাৰ ওপৰত কৃষি বিজ্ঞান কেন্দ্ৰই দৃশ্য শ্ৰব্য মাধ্যমেৰে উপস্থিত ৰাইজক অৱগত কৰে।
Comments