গুৱাহাটী, ২৯ নৱেম্বৰঃ সৰহসংখ্যক প্ৰেমিকে নিজৰ প্ৰেমিকাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ সময়ত সেই মুহূৰ্তটো বিশেষ আৰু আজীৱন স্মৰণীয় হৈ থকাটো বিচাৰে। কিছুমান মানুহে আনকি ইয়াক স্মৰণীয় কৰি তুলিবলৈ বন্ধুবৰ্গৰ সহায় লয়। ঠিক তেনে এক আজৱ প্ৰেমৰ প্ৰস্তাৱৰ ঘটনা ঘটিছে, য'ত প্ৰেমিকে নিজৰ জীৱন উচৰ্গা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। কিয়নো, প্ৰেমিকজনে সাগৰত জঁপিয়াই দিয়ে। প্ৰকৃততে, এই ঘটনাটোৰ ভিডিঅ' সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। এই যুৱকজনে তেওঁৰ প্ৰেমিকাক প্ৰস্তাৱ দিবলৈ এক বিশেষ স্থান আৰু এক নিৰ্জন পৰিৱেশ বাছনি কৰিছে, য'ত যুৱকজনে কেইজনমান বন্ধুৰ সৈতে নিজৰ প্ৰেমিকাক সাগৰত ওপঙি থকা এখন নাৱঁলৈ লৈ যায়।
পিছত যেতিয়া যুৱকজনে প্ৰেমিকাক নাওখনৰ ওপৰত প্ৰস্তাৱ দিবলৈ আগবাঢ়ে তেতিয়া পকেটৰ পৰা আঙুঠিটো উলিয়াব লওঁতে সাগৰৰ পানীত পৰি যায়। ইয়াৰ লগে লগে যুৱকজনে সাগৰত জঁপিয়াই পৰিছিল। ইয়াৰ পিছত সকলোৱে আচৰিত হৈ পৰে। কিন্তু সৌভাগ্যজনক কথাটো হ'ল যে সেই সময়ত নাওঁখন সাগৰৰ গভীৰতাত নাছিল। এনেদৰে যুৱকজনে পানীত জপিয়াই আঙুঠিটো ঘূৰাই আনি পুনৰ তেওঁৰ প্ৰেমিকাক প্ৰস্তাৱ দিয়ে।
Comments