Cartoon
View Older
গুৱাহাটী, ২৯ নৱেম্বৰঃ জৰ্জিয়া এন্দ্ৰিয়ানি এগৰাকী মডেলৰ লগতে অভিনেতা-পৰিচালক আৰবাজ খানৰ প্ৰেমিকা। দুয়োৰে যুঁটি সামাজিক মাধ্যমত অতি সক্ৰিয় হৈ থাকে আৰু ফটোবোৰ পোষ্ট কৰি অনুৰাগীক আপ্লুত কৰে। জৰ্জিয়াক প্ৰায়ে আৰবাজৰ সৈতেও একেলগে দেখা যায়। কিন্তু শেহতীয়া এটা সাক্ষাৎকাৰত প্ৰেমিকৰ হৃদয় ভাঙি পেলোৱা কথা ব্যক্ত কৰিছে। জৰ্জিয়াক আৰবাজৰ সৈতে কেতিয়া বিবাহ কৰিব সোধাত, তেওঁৰ উত্তৰ শুনি সকলো হতবাক হৈ পৰিছে।
আৰবাজ খানৰ প্ৰেমিকা জৰ্জিয়া এন্দ্ৰিয়ানীয়ে বিশেষ সাক্ষাৎকাৰটোত বিবাহ সন্দৰ্ভত প্ৰশ্ন সোধাত তেওঁ কৈছে যে, "মই আগতে কোৱাৰ দৰে, আমি দুয়ো খুব ভাল বন্ধু। কিন্তু যেতিয়া বিবাহৰ কথা আহে, সঁচাকৈ ক'বলৈ গ'লে, এইটো এনেকুৱা এটা বিষয় যাৰ প্ৰতি আমি বিশেষ মনোযোগ দিয়া নাই আৰু মই সেই দিশত ইমান চিন্তা কৰা নাই।"
Comments