Cartoon
View Older
গুৱাহাটী, ২৯ নৱেম্বৰঃ 'দৃশ্যম ২'ৰ সফলতাই আকৌ এবাৰ প্ৰমাণ কৰিছে যে অজয় দেৱগন বলীউডৰ চুপাৰষ্টাৰ। 'দৃশ্যম ২' চলচ্চিত্ৰখনৰ বাবে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা অজয় দেৱগনৰ বিষয়ে শেহতীয়াকৈ এটা ডাঙৰ ভয়ৰ কাৰণ প্ৰকাশ পাইছে। যেতিয়াৰ পৰা বলীউডৰ সিংঘমৰ ভয়ৰ কথা সন্মুখলৈ আহিছে, তেতিয়াৰ পৰাই গপ্পো কৰিডৰত আলোচনা আৰম্ভ হ'বলৈ ধৰিছে।
বলীউডত অজয় শক্তিশালী চৰিত্ৰ আৰু একচনৰ বাবে বিখ্যাত, অজয় দেৱগণে লিফ্টেৰে অহা-যোৱা কৰিবলৈ বৰ ভয় কৰে। অভিনেতাজনে 'দ্য কপিল শৰ্মা শ্ব'ত তেওঁৰ ভয়ৰ কথা প্ৰকাশ কৰি কৈছে, "মোৰ লিফ্টত উঠিলে ক্লষ্ট্ৰোফ'বিক অনুভৱ হয়, সেইকাৰণে মই লিফ্টত যোৱাটো এৰাই চলো।"
Comments