গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ ঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সময়ত সংঘটিত হোৱা বৃহৎ কেলেংকাৰিৰ তদন্ত কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে৷ এই চাঞ্চল্যকৰ অভিযোগ কৰিছে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই৷
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত ব্যাপক অনিয়ম হোৱাৰ বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰাৰ লগতে প্ৰাক্তন সমন্বয়কজনে অভিযোগ কৰে যে তেওঁক উক্ত দায়িত্ব দিয়াৰ সময়তো উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশজনে বিৰোধ কৰিছিল৷
উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা এন আৰ চি উন্নীতকৰণৰ সময়ত হোৱা অনিয়ম আৰু তাৰ পাছত সমন্বয়ক হিচাপে তেওঁ দায়িত্ব পোৱাৰ পাছতো কোনো পদক্ষেপ নোলোৱা সন্দৰ্ভত তেওঁক বিতৰ্কত সাঙোৰাৰ পাছত সামাজিক মাধ্যমৰ নিজা পেজত তেওঁ স্পষ্টীকৰণ দি বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে৷
নাগৰিকপঞ্জী উন্নীতকৰণৰ সময়ত সংঘটিত অনিয়ম ফাদিল হোৱাৰ আশংকাতে তেওঁক সমন্বয়কৰ দায়িত্ব দিয়াৰ সময়ত বিৰোধিতা কৰা হৈছিল বুলি গুৰুতৰ অভিযোগ কৰে৷ আনহাতে, উচ্ছতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পাছতো প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাই ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি ১০ শতাংশ পুনৰীক্ষণৰ কাম কৰা নাছিল বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে৷
উল্লেখযোগ্য যে নিজৰ ফেচবুক পেজত এক দীঘলীয়া প’ষ্ট দি হিতেশ দেৱ শৰ্মাই অভিযোগ কৰে যে ২০১৯ চনৰ নৱেম্বৰত অসম চৰকাৰে তেওঁক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক হিচাপে দায়িত্ব দিয়াৰ পাছতে তেতিয়াৰ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে তেওঁক সেই পদত নিযুক্তিৰ বিৰোধিতা কৰিছিল৷
তেওঁ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্য সচিব আলোক কুমাৰক তেওঁক নাগৰিকপঞ্জীৰ সমন্বয়ক হিচাপে দিয়া নিয়োগ-পত্ৰ বাতিল কৰিবলৈ অনুৰোধ কৰিছিল বুলি অভিযোগ কৰে৷ ৰঞ্জন গগৈ আৰু প্ৰতীক হাজেলাই তেওঁ সমন্বয়ক হ’লে তেওঁলোকে নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ সময়ত কৰা সকলো অনিয়ম ফাদিল কৰিব বুলি আতংকিত হোৱাৰ বাবে সেই অনুৰোধ কৰিছিল বুলি কয়৷
কিন্তু অসম চৰকাৰে তেওঁৰ অনুৰোধ প্ৰত্যাখ্যান কৰি নিৰ্দেশ বাহাল ৰাখে৷ উল্লেখযোগ্য যে ২০১৮ চনৰ আগষ্ট মাহত উচ্ছতম ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে নাগৰিকপঞ্জীৰ ১০ শতাংশ পুনৰীক্ষণৰ প্ৰয়োজনীয়তা আছে বুলি প্ৰকাশ কৰি তেতিয়াৰ সমন্বয়ক প্ৰতীক হাজেলাক সেই পুনৰীক্ষণৰ বাবে মডেলিটি আৰু টাইম লাইন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল৷
কিন্তু হাজেলাই সেই কাম নকৰিলে৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰা বাবে হাজেলাক দোষী সাব্যস্ত নকৰা বুলি উল্লেখ কৰি প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই ৰঞ্জন গগৈৰ ভূমিকাত প্ৰশ্ন উত্থাপন কৰে৷ আনহাতে, উচ্ছতম ন্যায়ালয়ৰ উক্ত নিৰ্দেশৰ ১১ মাহৰ পাছত সমন্বয়ক প্ৰতীক হাজেলাই ১০ শতাংশ পুনৰীক্ষণৰ বিৰোধিতা কৰি ইতিমধ্যে বিভিন্ন ঘটনাক্ৰমৰ বাবে [ইনচিডেণ্টেল ভেৰিফিকেশ্যন] ২৭ শতাংশ পুনৰীক্ষণ হৈয়েই গৈছিল বুলি শপতনামা দিছিল৷
গতিকে, পুনৰ ১০ শতাংশ পুনৰীক্ষণৰ প্ৰয়োজনীয়তা নাই৷ নাগৰিকপঞ্জীৰ পুনৰীক্ষণৰ বিৰোধিতা কৰিবলৈ গৈ হাজেলাই উদ্দেশ্যপ্ৰণোদিতভাৱে কিছু পৰিসংখ্যাৰ সৃষ্টি কৰি আভুৱা-ভাঁৰা বুলিও তেওঁ অভিযোগ কৰে৷ আ(ৰ্যজনকভাৱে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়েও হাজেলাৰ লগত সহমত প্ৰকাশ কৰি পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এ পি ডব্লিউৱে কৰা আৱেদন নাকচ কৰিছিল বুলি তেওঁ প্ৰকাশ কৰে৷
প্ৰাক্তন সমন্বয়ক দেৱ শৰ্মাই অভিযোগ কৰে যে ৰঞ্জন গগৈ আৰু হাজেলা দুয়োজনেই পুনৰীক্ষণৰ বিৰোধিতা কৰাৰ মূল কাৰণ আছিল পুনৰীক্ষণ কৰিলেই দুয়ো উন্নীতকৰণত কৰা সকলো অনিয়ম ফাদিল হৈ পৰিব৷
ইফালে, তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ তাৰিখক লৈ কৰা এটা মন্তব্যৰ অচিলা লৈ ৰঞ্জন গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অংশগ্ৰহণ সমূলি বাৰণ কৰে৷ ফলত নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটোৱেই তেওঁলোকৰ নিজৰ বিষয়ত পৰিণত হয় বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে৷
উল্লেখযোগ্য যে নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে ১৬০০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছিল৷ ২০১৭ চনৰ আগষ্ট মাহত এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই এখন সংবাদমেল পাতি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নিয়োগ কৰা ডাটা এণ্ট্ৰি অপাৰেটৰৰ ক্ষেত্ৰত কেইবাশ কোটি টকাৰ কেলেংকাৰি হোৱাৰ গুৰুতৰ অভিযোগ কৰিছিল৷
তেতিয়াৰ মুখ্য ন্যায়াধীশজনে তেতিয়া ৰহস্যজনক ভূমিকা লৈ বিত্তীয় কেলেংকাৰিৰ ওপৰত ব্যৱস্থা লোৱাৰ সলনি অভিজিত শৰ্মাৰ ওপৰত ওলোটাই আদালত অৱমাননাৰ গোচৰ লোৱাৰ ধমকি দিছিল বুলি অভিযোগ কৰে হিতেশ দেৱ শৰ্মাই৷ তেওঁৰ সেই ভূমিকাৰ বাবে তেওঁৰ প্ৰতি সন্দেহৰ আঙুলি উঠাটো স্বাভাৱিক বুলিও তেওঁ কয়৷
কিন্তু এতিয়া অভিজিত শৰ্মাৰ অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পথত বুলিও তেওঁ কয়৷ প্ৰণিধানযোগ্য যে অসমৰ মহাগাণনিকৰ প্ৰতিবেদনত ইতিমধ্যে ডাটা এণ্ট্ৰি অপাৰেটৰসকলৰ ক্ষেত্ৰত ১৫৫ কোটি টকাৰ বিত্তীয় খেলিমেলি হোৱাৰ কথা প্ৰকাশ পাইছে৷ সেই সময়ত উচ্ছতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত চলা নাগৰিকপঞ্জীৰ উন্নীতকৰণত হোৱা বিত্তীয় কেলেংকাৰিৰ বাবে ৰঞ্জন গগৈয়ো সমানে অভিযুক্ত হ’ব লাগে বুলি তেওঁ কয়৷ তদুপৰি, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ আঁতৰাই পঠোৱা বিষয়টোতো তেওঁ সন্দেহ প্ৰকাশ কৰে৷
Comments