Cartoon
View Older
গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ নামত সংঘটিত ভয়ানক কাণ্ডত উদ্বেগ প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত সংঘটিত ৰেগিঙৰ নামত অকথ্য নিৰ্যাতন চলোৱাৰ ঘটনাৰ বাবে এজন কনিষ্ঠ ছাত্ৰ চিকিৎসাধীন হ’বলগীয়া হোৱা ঘটনাৰ পাছত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টাজনে ৰেগিঙক সামাজিক ব্যাধি আখ্যা দিয়ে৷
তেওঁ এনে ব্যাধিৰ পৰা সকলোকে আঁতৰি থাকিবলৈয়ো আহবান জনায়৷ আনহাতে, ৰেগিঙৰ বিৰুদ্ধে শিক্ষানুষ্ঠান কতৃৰ্পক্ষসমূহকো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ আহবান জনায়৷ ইফালে আহত ছাত্ৰ আনন্দ শৰ্মাক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবৰ বাবে তেওঁ চৰকাৰক আহবান জনায়৷
Comments