গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ ঃ অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫ হাজাৰ কোটিূটকাৰ ব্যয়সাপেক্ষ প্ৰকল্প নিৰ্মাণ কৰিবলৈ ‘বিকাশৰ বাবে এটা পষেক’ আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অহা ৫ ডিচেম্বৰৰ পৰা বিকাশৰ এই পষেক ৰাজ্যৰ ১১খন জিলাত আৰম্ভ হ’ব৷
দ্বিতীয় পৰ্যায়ৰ বিকাশৰ পষেক অহা বছৰৰ ৫ জানুৱাৰীৰ পৰা আন আন জিলাসমূহত আৰম্ভ হ’ব৷ শিলচৰত আজি অনুষ্ঠিত কেবিনেটত ইতিপূৰ্বে প্ৰস্তাৱ গ্ৰহণ কৰি থোৱা প্ৰকল্পসমূহ নিৰ্মাণত অনুমোদন জনোৱা হয়৷
কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা শিলচৰত সংবাদমেলত সদৰী কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰখনে দায়িত্ব লোৱাৰ পাছৰে পৰা কেবিনেটসমূহত যিবোৰ সিদ্ধান্ত লোৱা হৈছিল সেইবোৰ কাৰ্যকৰী ৰূপ দিবলৈ নিবিদা গ্ৰহণ প্ৰক্ৰিয়া, বাজেট ধাৰ্য সম্পন্ন কৰা হ’ল৷ নিৰ্মাণ বাকী আছিল যদিও অহা ৫ ডিচেম্বৰৰ পৰা এই প্ৰকল্পসমূহৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷
উল্লেখযোগ্য যে এই প্ৰকল্পসমূহৰ ভিতৰত আছে মেডিকেল কলেজ, অসম মালাৰ অধীনত ডাঙৰ পথ, ফ্লাই অ’ভাৰ নিৰ্মাণ, উপায়ুক্তৰ কাৰ্যালয়, ষ্টেডিয়াম নিৰ্মাণ আদি৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এই প্ৰকল্পসমূহ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ আগতে সমাপ্ত কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে গুৱাহাটীত তিনিখন ফ্লাই অ’ভাৰ নিৰ্মাণ কৰা হ’ব৷
গুৱাহাটীৰ উলুবাৰীৰ পৰা খানাপাৰালৈ ক’তো পুলিচ পইণ্ট নাথাকিব৷ ডাউন টাউন, গড়চুক , ফটাশিল-কুমাৰপাৰাত ফ্লাই অ’ভাৰ হ’ব৷ তদুপৰি গুৱাহাটীৰ বিমানবন্দৰৰ পৰা আজাৰালৈ হ’ব নতুন পথ৷ ৰাজ্যৰ জনপ্ৰিয় তথা ব্যয়বহুল অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ২৭ লাখলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰি ড॰ শৰ্মাই কয় যে অহা ৩১ মাৰ্চৰ ভিতৰত নতুন হিতাধিকাৰীয়ে ধন লাভ কৰিব৷
১০,৫৭,৫১৬ গৰাকী নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছে৷ এতিয়া মুঠ ‘অৰুণোদয়’ হিতাধিকাৰী হ’বগৈ ২৭,৭৭,০০০ গৰাকী৷ ৯ জানুৱাৰীৰ পৰা আৱেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ২০ ফেব্ৰুৱাৰীৰ ভিতৰত বাছনি কৰা হ’ব৷ ১০ এপ্ৰিলত প্ৰথম কিস্তিৰ ধন পাব হিতাধিকাৰীয়ে৷ তেওঁ কয়, এতিয়াৰে পৰা দীনদয়াল দিব্যাংগ আঁচনিৰ হিতাধিকাৰীয়েও ১২৫০ টকাকৈ আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন পোৱাসকলে ২৫০ টকাৰ পৰিৱৰ্তে ১২৫০ লাভ কৰিব৷
অহা বছৰত আৰু ৯ লাখ হিতাধিকাৰী সৃষ্টি কৰি মুঠ হিতাধিকাৰীৰ সংখ্যা ৩৫ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰ আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে দেশৰ ভিতৰতে ডি বি টিৰ জৰিয়তে হিতাধিকাৰীয়ে নগদ ধন লাভ কৰা অন্যতম বৃহৎ আঁচনি হিচাপে অৰুণোদয় পৰিণত হ’বগৈ
আজিৰ কেবিনেট ৩২২টা ৰাজহ সম্পৰ্কীয় পুৰণি প্ৰস্তাৱত অনুমোদন জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৩২ বছৰ পুৰণি তিনিচুকীয়াৰ ৰামপুৰ চাহ বাগিচাৰ এখন স্কুলৰ ১৯৯০ চনত দিয়া ভূমিৰ প্ৰস্তাৱত আজি কেবিনেটত অনুমোদন জনোৱা হৈছে৷ ধেমাজিত হোৱা কেবিনেটতো বহু পুৰণি ৰাজহ সম্পৰ্কীয় প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল৷
Comments