গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ ঃ গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল কুখ্যাত আন্তঃৰাষ্ট্ৰীয় চুপাৰি মাফিয়া যশবীৰ সিং চাটোৱাল৷ বেলতলাৰ এখন হোটেলত আশ্ৰয় লৈ থকাৰ সময়ত অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
উল্লেখযোগ্য যে বিগত এবছৰতকৈ অধিক কাল ধৰি ক্ৰাইম ব্ৰাঞ্চে বিচাৰি আছিল যশবীৰ সিং চাটোৱালক৷ অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত অভিযান চলায়ো গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱা মাফিয়াটোক অৱশেষত গুৱাহাটীতেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ক্ৰাইম ব্ৰাঞ্চ৷ অসম চৰকাৰে ম্যানমাৰৰ চুপাৰিৰ সৰবৰাহ নিষিদ্ধ ঘোষণা কৰাৰ পৰাই ক্ৰাইম ব্ৰাঞ্চে চুপাৰি মাফিয়াটোক বিচাৰি আছিল৷
কিন্তু সঘনে স্থান সলনি কৰি ফুৰাৰ ফলত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷ কিন্তু শেহতীয়াকৈ চুপাৰি মাফিয়াটো ম্যানমাৰত প্ৰৱেশ কৰিবলৈ আহি গুৱাহাটীত আশ্ৰয় লৈ থকা অৱস্থাত আৰক্ষীৰ জালত পৰে৷ চুপাৰি ক্ৰয়ৰ বাবে যশবীৰ সিং দুই-এদিনত ম্যানমাৰলৈ যোৱাৰ কথা আছিল৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বহু বছৰ ধৰি ম্যানমাৰৰ চুপাৰিৰ চোৰাং ব্যৱসায়ৰ গুৰি ধৰি আহিছিল যশবীৰে৷ তেওঁৰ অধীনত আছিল বহু এজেণ্ট তথা চুপাৰিৰ ব্যৱসায়ী৷ অসমৰ যিসকল ব্যৱসায়ী ম্যানমাৰৰ চুপাৰিৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত, সেইসকলৰ অধিকাংশই আছিল যশবীৰৰ এজেণ্ট৷
কেৱল অসমৰেই নহয়, ম্যানমাৰৰ চুপাৰিৰ ব্যৱসায়ৰ সৈতে নগালেণ্ড আৰু মণিপুৰৰ একাংশ ব্যৱসায়ীও আছিল যশবীৰৰ এজেণ্ট৷ অসম আৰক্ষীয়ে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা চুপাৰিৰ চোৰাং ব্যৱসায়ীসকলৰ স্বীকাৰোক্তিৰ ভিত্তিত যশবীৰ সিঙৰ কথা পোহৰলৈ আহিছিল৷ জানিব পৰা মতে, নাগপুৰৰ এইজন কুখ্যাত ব্যৱসায়ীয়ে ম্যানমাৰৰ চুপাৰিৰ ব্যৱসায়ৰ জৰিয়তে দেশৰ কেইবা স্থানতো সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল৷
কিন্তু ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পাছত যশবীৰৰ ব্যৱসায়ত কিছু বাধা আহি পৰে৷ ম্যানমাৰৰ পৰা নিয়মীয়াকৈ চুপাৰি সৰবৰাহ কৰিব নোৱৰা হৈছিল যশবীৰ সিং৷ যশবীৰে চোৰাংকৈ সৰবৰাহ কৰা চুপাৰি অসম আৰক্ষীয়ে কেইবাবাৰো জব্দ কৰিছিল যদিও যশবীৰ জালত পৰা নাছিল৷
কিন্তু এইবাৰ গুৱাহাটীলৈ আহি সহজতে ধৰা পৰে এইজন কুখ্যাত চুপাৰি মাফিয়া৷ যশবীৰক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ম্যানমাৰৰ চুপাৰিৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত আন ব্যৱসায়ীও আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷ সম্প্ৰতি ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত আছে যশবীৰ সিং চাটোৱাল৷
Comments