নতুন দিল্লী, ২৯ নৱেম্বৰ ঃ বিশ্বৰ অৰ্থনীতিৰ গতি মন্থৰ হ’ব পাৰে, কিন্তু ভাৰতৰ আটাইতকৈ চহকী লোকসকল আৰু চহকী হৈ পৰিছে৷ ভাৰতৰ আটাইতকৈ চহকী ১০০জন লোকৰ ফৰ্বছৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে৷
এই তালিকা মতে ভাৰতৰ ১০০জন আটাইতকৈ চহকী লোকৰ মুঠ সম্পত্তি ২৫ বিলিয়ন ডলাৰ বৃদ্ধি হৈ ৮০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিলে৷ এই তালিকাৰ শীৰ্ষত থকা আদানি গ্ৰnপৰ মুৰব্বী গৌতম আদানিৰ মুঠ সম্পত্তি ১৫০ বিলিয়ন ডলাৰলৈ [১,২,১১,৪৬০.১১ কোটি টকা] বৃদ্ধি পাইছে৷ দ্বিতীয় স্থানত থকা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিৰ মালিক মুকেশ আম্বানিৰ সম্পত্তি হৈছে ৮৮ বিলিয়ন ডলাৰ [৭১০,৭২৩.৪ কোটি টকা]৷
কোৱা হৈছে যে আম্বানিৰ সম্পত্তি যোৱা বছৰতকৈ ৫ শতাংশ হ্ৰাস পাইছে৷ ভাৰতৰ আটাইতকৈ চহকী ১০০জন লোকৰ মুঠ সম্পত্তিৰ ৩০ শতাংশ হৈছে আদানি-আম্বানিৰ৷ খুচুৰা বিক্ৰেতা ডিমাৰ্ট ছুপাৰ মাৰ্কেট শৃংখলাৰ মালিক ৰাধাকৃষ্ণণ দামানী আছে তৃতীয় স্থানত; আনহাতে ছিৰাম ইনষ্টিটিউটৰ চাইৰাছ পুনাৱালা আছে চতুৰ্থ স্থানত৷
তেওঁলোকৰ সম্পত্তিৰ মূল্য হৈছে ক্ৰমে ২৭.৬ বিলিয়ন ডলাৰ [২২২,৯০৮.৬৬ কোটি টকা] আৰু ২১.৫ বিলিয়ন ডলাৰ [১৭৩,৬৪২.৬২ কোটি টকা]৷ এইচ চি এল টেকনলজিৰ অধ্যক্ষ শিৱ নাদাৰ আছে পঞ্চমত৷ তেওঁৰ সম্পত্তিৰ মূল্য হৈছে ২১.৪ বিলিয়ন ডলাৰ [১৭২,৮৩৪.৯৭ কোটি টকা]৷
দহজনৰ ভিতৰত আন কেইজন হৈছে ক্ৰমে ষষ্ঠ স্থানত অ’ পি জিন্দাল গ্ৰnপৰ অধ্যক্ষা সাৱিত্ৰী জিন্দাল [১৩২,৪৫২.৯৭ কোটি টকা], সপ্তম স্থানত ছান ফাৰ্মাচিউটিকেলৰ প্ৰতিষ্ঠাতা দিলীপ সাংঘৱী [১২৫,১৮৪.২১ কোটি টকা], অষ্টম স্থানত হিন্দুজা গ্ৰnপৰ হিন্দুজা ভাতৃসকল [১২২,৭৬১.২৯ কোটি টকা], নৱম স্থানত আদিত্য বিৰলা গ্ৰnপৰ অধ্যক্ষ কুমাৰ বিৰলা [১২১,১৪৬.০১ কোটি টকা] আৰু দশম স্থানত বাজাজ গ্ৰnপৰ বাজাজ পৰিয়াল [১১৭,৯১৫.৪৫ কোটি টকা]৷
উল্লেখযোগ্য যে অ’ পি জিন্দাল গ্ৰnপৰ সাৱিত্ৰী জিন্দাল হৈছে দেশৰ আটাইতকৈ চহকী মহিলা৷ মহিন্দা এণ্ড মহিন্দাৰ বৈদ্যুতিক বাহনৰ শুভাৰম্ভণি কৰাৰ পাছত আনন্দ মহিন্দাৰ নাম এই তালিকালৈ উভতি আহিছে৷ এই তালিকাত নগৰাকীৰ নাম নতুনকৈ অন্তৰ্ভুক্ত হৈছে৷ তেওঁলোকৰ ভিতৰত আছে ফাল্গুনী নায়াৰ [নাইকা], ৰবি মোদী [নৃগোষ্ঠীগত পোছাক], ৰফিক মালিক [জোতা]৷ প্ৰয়াত ৰাকেশ ঝুনঝুনৱালাৰ ঠাইত অন্তৰ্ভুক্ত হৈছে তেওঁৰ পত্নী ৰেখা ঝুনঝুনৱালাৰ নাম৷
Comments