গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ ঃ ৰেগিং কাণ্ডই জোকাৰণি তোলাতসমগ্ৰ ঘটনাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃৰ্পক্ষক দোষাৰোপ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উজনি অসমৰ আগশাৰীৰ উচ্ছ শিক্ষানুষ্ঠানখনত এজন নৱাগত ছাত্ৰৰ ওপৰত ৰেগিঙৰ নামত চলোৱা মানসিক আৰু শাৰীৰিক নিৰ্যাতনে ৰাজ্যৰ শৈক্ষিক পৰিৱেশক লৈ প্ৰশ্নৰ অৱতাৰণাৰ সুৰুঙা দিয়াত বিশ্ববিদ্যালয়খনক পোনপটীয়াকৈ জগৰীয়া কৰিছে মুখ্যমন্ত্ৰীয়ে৷
কেৱল সেয়াই নহয় আৰক্ষীয়ে চলোৱা তদন্তত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষও আওতালৈ আহিব বুলি আজি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ শিলচৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত বিশ্ববিদ্যালয়খনত ঘটা ঘটানৰ বাবে অসন্তুষ্টি ব্যক্ত কৰা হয় আৰু বিশ্ব বিদ্যালয়খন এইক্ষেত্ৰত ব্যৰ্থ বুলিও অভিহিত কৰে৷
উল্লেখযোগ্য যে উচ্ছ শিক্ষাৰ আগশাৰীৰ অনুষ্ঠানৰ বিষয়ে কেবিনেট বৈঠকত আলোচনা কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে দোষাৰোপ কৰি আৰক্ষীক তদন্তৰ নিৰ্দেশ দিবলগীয়া হোৱাৰ দৰে পৰিস্থিতি আগতে উদ্ভৱ হোৱা নাছিল৷ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অবাঞ্ছিত ঘটনাৰ বিষয়ে সোধাসাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছিল নেকি সেই কথাও আৰক্ষীয়ে তদন্ত কৰিব আৰু অধীক্ষকো তদন্তৰ আওতালৈআহিব৷
মুখ্যমন্ত্ৰীয়ে কয় যে অসমত কোনো কলেজ, বিশ্ববিদ্যালয়ত ৰেগিং সহ্য কৰা নহয়৷ ৰেগিঙৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব৷ তেওঁ কয় যে যোৱা ছেপ্টেম্বৰ মাহত হোৱা ঘটনাৰ তদন্তৰ প্ৰতিবেদন কালি পৰ্যন্ত নিদিয়াটো কতৃৰ্পক্ষৰ গাফিলতি৷
বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ কথা উল্লেখ কৰি ড॰ শৰ্মাই কয় যে মুখ্যমন্ত্ৰী আৰু গৃহ মন্ত্ৰী হিচাপে ঘটনাটো জ্ঞাত হোৱাৰ দিনা নিশাই আৰক্ষীক তদন্ত কৰি দোষীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছিল৷
Comments