ডিব্ৰুগড় ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ ঃ নাহৰৰ দেশত দুষ্ট চক্ৰৰ দপদপনি৷ এই বাক্যষাৰহে এতিয়া নাহৰৰ দেশ খ্যাত উচ্ছ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰযোজ্য হ’ব নেকি বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে৷
বিদ্যায়তনিক পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰীক শৈক্ষিক সুৰক্ষা প্ৰদানত একপ্ৰকাৰে ব্যৰ্থ হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ গাফিলতি আৰু দায়িত্বহীনতাৰ বাবেই উচ্ছ শিক্ষানুষ্ঠানখনত ৰেগিঙৰ দৰে অপৰাধজনিত কাৰ্য মুকলিকৈ হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে৷ আনন্দ শৰ্মা নামৰ নৱাগত ছাত্ৰজনক ৪ নৱেম্বৰত এজন প্ৰাক্তন ছাত্ৰৰ নেতৃত্বত একাংশ জে্যষ্ঠ ছাত্ৰই ৰেগিঙৰ নামত অমানুষিক অত্যাচাৰ চলোৱাৰ পাছত তেওঁ এতিয়া হস্পিটেলৰ আই চি ইউত ভৰ্তি হ’বলগীয়া হৈছে৷
নিজৰ প্ৰাণ বচাবলৈ আনন্দ শৰ্মাই ছাত্ৰাৱাসৰ দুমহলাৰ পৰা জাঁপ দিবলগীয়া কাণ্ডৰ সূত্ৰপাত কেনেকৈ হ’বলৈ পালে সেয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়ে যে আনন্দ শৰ্মা নামৰ ছাত্ৰজনে ১৭ নৱেম্বৰতে ৰেগিঙৰ নামত তেওঁক একাংশই অত্যাচাৰ চলোৱা বুলি তেওঁ থকা পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰৱাসৰ অধীক্ষক ড॰ দিব্যজ্যোতি দত্তক অভিযোগনামা দাখিল কৰিছিল৷
তেনে অৱস্থাত অধীক্ষক ড॰ দত্তই কিয় সময়োচিত পদক্ষেপ গ্ৰহণ নকৰিলে? শেহতীয়াকৈ পোহৰলৈ অহা মতে, ছাত্ৰাৱাসৰ অধীক্ষক ড॰ দত্তই একাংশ জ্যেষ্ঠ ছাত্ৰকহে ছাত্ৰাৱাসৰ দায়িত্ব অনানুষ্ঠানিকভাৱে প্ৰদান কৰি আহিছিল৷ অভিযোগ মতে, অধীক্ষক ড॰ দত্তই নৱাগত আনন্দ শৰ্মাৰ ৰেগিং সম্পক¹য় অভিযোগনামা হাতত পৰাৰ পাছতে এই ব্যাধি ৰোধ কৰাৰ পৰিৱৰ্তে উক্ত পত্ৰৰ সম্পৰ্কত ছাত্ৰাৱাসৰ জ্যেষ্ঠসকলক অৱগত কৰে৷
ইয়াৰ পাছতেই ছাত্ৰাৱাসত বাহৰ পাতি দুষ্কাৰ্য চলাই যোৱা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, প্ৰাক্তন ছাত্ৰ তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসমৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী আৰু তেওঁৰ অনুগত একাংশ আৱাসী জাঙুৰ খাই উঠে৷ ৰাহুল চেত্ৰীৰ নেতৃত্বত প্ৰতিনিশাই আৰম্ভ হয় ৰেগিঙৰ নামত অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন৷
নৱাগত আনন্দ শৰ্মা, জ্যোতিষ কুমাৰ কলিতা, উত্তম কুমাৰ কলিতাক নিতৌ নিশা মদ, চিগাৰেট আদি আনিবলৈ দিয়া হয়৷ শীতৰ নিশা উলংগ কৰি ছাত্ৰাৱাসৰ কোঠাত থিয় কৰাই অথবা বিছনাৰ তলত সোমাই থাকিবলৈ দি জ্যেষ্ঠ একাংশই কোঠাত মদ আৰু জুৱাৰ আড্ডা বহুৱাইছিল বুলি জানিব পৰা গৈছে৷
এই সমস্ত ঘটনা ছাত্ৰাৱাসটোৰ অধীক্ষক ড॰ দিব্যজ্যোতি দত্ত আৰু বিশ্ববিদ্যালয়খনৰ নিৰাপত্তাৰক্ষী বিষয়াই জানিও অৱজ্ঞা কৰি আহিছিল৷ ফলত বিগত প্ৰায় ১০ দিন ধৰি এই নৱাগতকেইজনে ছাত্ৰাৱাসত এক অনিশ্চিত জীৱনক লৈ সময় অতিবহিত কৰিবলগীয়া হৈছিল৷ যিসময়ত ৰেগিঙৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ে আৰু
বিশ্ববিদ্যালয় অনুদান আয়োগে [ইউ জি চি] কঠোৰ আইন তথা নিয়ম বান্ধি দিছিল সেই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত এনে ভয়ানক কাণ্ডই বৌদ্ধিক অনুষ্ঠানটোৰ ভিতৰচ’ৰাত চলি থকা চৰম অৰাজকতা প্ৰমাণিত কৰিলে৷ এখন শিক্ষানুষ্ঠানত নামভৰ্তিৰ সময়তে ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে এণ্টি ৰেগিং এফিডেভিট জমা দিয়াটো বাধ্যতামূলক৷
অন্যথা নামভৰ্তি নহয়৷ তেনেক্ষেত্ৰত আনন্দ শৰ্মা-কাণ্ডই বিশ্ববিদ্যালয়খনৰ অভ্যন্তৰীণ সোপাঢিলা নীতি উদঙাই দিয়া বুলি চৰ্চা হৈছে৷ পুনৰ উল্লেখ কৰা ভাল যে কিছুদিনৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ মফিজুদ্দিন আহমদ ছাত্ৰাৱাসত প্ৰাক্তন ছাত্ৰৰ নেতৃত্বত একাংশ আৱাসীৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল৷
এই মাৰপিটৰ ঘটনাত বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বিষয়াসহ দুজন আহত হৈছিল৷ ইয়াৰ পাছতো ছাত্ৰাৱাসসমূহত একাংশ আৱাসীয়ে চলাই অহা অসামাজিক কাৰ্যকলাপ ৰোধ কৰাত প্ৰশাসন চূড়ান্ত ব্যৰ্থ হোৱা বুলি প্ৰমাণিত হয়৷ ছাত্ৰাৱাসত অপ্ৰীতিকৰ পৰিস্থিতি হ’লেই দুই-এজন ছাত্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি কতৃৰ্পক্ষই দায়িত্ব সামৰে৷
কিন্তু এটা ছাত্ৰাৱাসৰ দায়িত্বত থকা প্ৰশাসনীয় প্ৰতিনিধি অৰ্থাৎ অধীক্ষকজনৰ গাফিলতিক ৰক্ষণাবেক্ষণ দি অহা হৈছে৷ উচ্ছ শিক্ষাৰ বাবে এক সপোন লৈ অহা বিদ্যায়তনিক কঠীয়াতলীখনত যদি এজন নৱাগত আহি এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়
তেন্তে তাৰ বাবে সমানে জগৰীয়া অভিযুক্ত একাংশ ছাত্ৰৰ উপৰি বিশ্ববিদ্যালয়খনৰ প্ৰশাসনো৷ ছাত্ৰ-ছাত্ৰীৰ মাচুল বৃদ্ধিতে মনোযোগ নিদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষই তেওঁলোকৰ বৌদ্ধিক আৰু নিৰাপত্তাজনিত দিশটো সু-নিশ্চিত কৰিবই লাগিব৷
Comments