Cartoon
View Older
গুৱাহাটী,২৯ নৱেম্বৰ:নেইমাৰৰ অবিহনেই ছুইজাৰলেণ্ডক ১-০ গ’লত পৰাস্ত কৰি সোমবাৰে বিশ্বকাপৰ ১৬ ৰাউণ্ডত উপনীত হয় ব্ৰাজিল । খেলৰ ৮৩ মিনিটত ব্ৰাজিলৰ কেচেমিৰ’ৱে একমাত্ৰ গ’লটো দি ব্ৰাজিলক লাষ্ট ১৬ ত স্থান দিয়ে । অৱশ্যে গ্ৰুপ G ত এতিয়াও ব্ৰাজিলৰ এখন গ্ৰুপ পৰ্যায়ৰ মেচ খেলিবলৈ বাকী আছে ৷
কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ এখন খেলত সোঁ ভৰিৰ গোৰোহাত পোৱা আঘাতৰ বাবে দলটোৰ পৰা বাহিৰত থাকিব লগীয়া হয় ব্ৰাজিলৰ ফৰৱাৰ্ড খেলুৱৈ নেইমাৰ । দলটোৰ চিকিৎসকে এতিয়াও তেওঁৰ উভতি অহাৰ সময়সূচী দিয়া নাই বা তেওঁ আচলতে পুনৰ খেলত অংশ ল’ব পাৰিব নে নাই সেই বিষয়ে নিশ্চিত কৰা নাই । এই জয়ৰে ব্ৰাজিলে দুখন মেচত ৬ পইণ্ট লাভ কৰাৰ বিপৰীতে ছুইজাৰলেণ্ডে ৩ পইণ্ট লাভ কৰে ।
Comments