গুৱাহাটী,২৯ নৱেম্বৰ:এতিয়া বনভোজৰ বতৰ৷ শীতকাল আৰম্ভ হোৱাৰ লগে লগে অসমত বনভোজৰ বতৰ আৰম্ভ হৈছে৷পৰিয়াল, বন্ধুৰ সৈতে বনভোজ খাবৰ বাবে সকলো সাজু হৈ পৰিছে৷ মহানগৰৰ বিভিন্ন বনভোজস্থলীলৈ বনভোজপ্ৰেমী দলৰ আগমন ঘটা পৰিলক্ষিত হৈছে৷ গুৱাহাটীৰ বনভোজস্থলীসমূহত ক্ৰমাৎ বনভোজ দলৰ ভিৰ বাঢ়িবলৈ ধৰিছে৷ ইংৰাজী নৱবৰ্ষৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজৰ মাজত বনভোজ খোৱাৰ উছাহ বাঢ়িছে৷
এতিয়া প্ৰতিটো দিনতেই বনভোজস্থলীত মহানগৰৰ লগতে বিভিন্ন ঠাইৰ ৰাইজে ভোজ খোৱা দেখা গৈছে৷ ইতিমধ্যেমুকলি কৰা হৈছে মহানগৰৰ অধিকাংশ পৰ্যটনস্থলী৷ বিশেষকৈ প্ৰতিবছৰে শীতকালৰ আৰম্ভণিৰ লগে লগে অসমৰ লগতে গুৱাহাটী মহানগৰৰ পৰ্যটনস্থলীসমূহলৈও প্ৰতিবছৰে পৰ্যটকৰ আগমন ঘটে৷শীতৰ আগমনৰ সময়ৰে পৰা দেশী-বিদেশী পৰ্যটকসকলৰ আগমনত মহানগৰত এক অনন্য পৰিৱেশৰ সৃষ্টি হয়৷চিৰিয়াখানা, শংকৰদেৱ কলাক্ষেত্ৰ, আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী তাৰকাগৃহ, শৰাইঘাটৰ দলং, কামাখ্যা মন্দিৰ, বশিষ্ঠ মন্দিৰ, বালাজী মন্দিৰ, পবিতৰা, নৱগ্ৰহ মন্দিৰ আদিত পৰ্যটকসকল আহি ভিৰ কৰেহি৷
উল্লেখযোগ্য যে, বিভিন্ন সমস্যাৰ মাজতো পৰিয়াল, আত্মীয়-স্বজন, বন্ধু বৰ্গৰ লগত আনন্দ মনেৰে মুকলিমূৰীয়াকৈ এসাঁজ খোৱাৰ হেঁপাহ সকলোৰে আছে৷ মহানগৰৰ সমীপৰ হাতীশিলা, কাজলী চকী, তাঁতীমাৰা, ডিগাৰুমুখ, ৰাণী, দিপৰ বিল, চানডুবি আদিত প্ৰত্যেক দিনে বহু বনভোজ খোৱা দলে ভিৰ কৰিছে৷ইফালে মহানগৰৰ খাৰঘুলি, উজান বজাৰ, নুনমাটিৰ ব্ৰহ্মপুত্ৰৰ পাৰতো বহু লোকে বনভোজ খোৱা আৰম্ভ কৰিছে৷
ইফালে ৰাজ্যৰ আন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ অহা লোকক আদৰিবলৈ সাজু হৈছে দিপৰ বিল৷ প্ৰতি বছৰৰ দৰে এইবেলিও দিপৰ বিললৈও বনভোজ খাবলৈ অহা দলৰ সমাগম হ’ব বুলি আশা কৰা গৈছে৷মুঠৰ ওপৰত শীতকালৰ সময়চোৱাত প্ৰধানকৈ নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈকে দেশী-বিদেশী পৰ্যটক তথা বনভোজৰ দলে ভৰি পৰে মহানগৰ৷
Comments