Cartoon
View Older
ডিব্ৰুগড়, ২৯ নৱেম্বৰঃ ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পাছত পোহৰলৈ আহিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ড। অসম চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ৰেগিং কাণ্ড পাছতেই মহাবিদ্যালয় কতৃপক্ষই ৰেগিঙৰ বাবে বহিষ্কাৰ কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ দুজন ছাত্ৰক।
৬ মাহৰ বাবে হোষ্টেল আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছে দুই ছাত্ৰক। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ কতৃপক্ষই। বহিষ্কৃত ছাত্ৰ দুজন হল অস্থি ৰোগ বিভাগৰ ছাত্ৰ ডা: চয়ন মুখাৰ্জী আৰু ডা: ছাকেট চৰফ বুলি জানিব পৰা গৈছে।
Comments