জগদুৱাৰ, ২৯ নবেম্বৰঃ যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আজি জিলাখনৰ জাঁজী বামুণপুখুৰীৰ ঐতিহাসিক বামুণপুখুৰী পৰিদৰ্শন কৰি স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতিবিজড়িত পুখুৰীটো সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ আশ্বাস দিয়ে। উল্লেখযোগ্য যে ল'ৰাৰজাৰ অত্যাচাৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ অৰঙে দৰঙে ঘুৰি ফুৰাৰ সময়ত লাঙি গদাপাণিয়ে এই অঞ্চলৰ এটা ব্ৰাহ্মণ পৰিয়ালত কিছুদিন আত্মগোপন কৰি আছিল।
ৰাজপাটত উঠিয়েই উক্ত ব্ৰাহ্মণ পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি উক্ত স্থানত কেইবাবিঘা মাটিত এটা পুখুৰী খান্দি ব্ৰাহ্মণ জনৰ নামত উৎসৰ্গা কৰে আৰু এই পুখুৰীটো পিছলৈ বামুণপুখুৰী নামে জনাজাত হৈ পৰে। শেহতীয়াকৈ স্থানীয় ৰাইজে বামুণপুখুৰী অঞ্চলত গদাধৰ সিংহ ঐতিহ্য ক্ষেত্ৰ স্থাপনৰ পোষকতা কৰি এখন সমিতিও গঠন কৰে।
এই সমিতিখনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উপায়ুক্ত গৰাকীয়ে আজি বামুনপুখুৰী পৰিদৰ্শন কৰি সমিতিৰ সৈতে এক আলোচনাত মিলিত হয়। সমিতিৰ সম্পাদক বিশ্বজিৎ বৰুৱাই উপায়ুক্ত গৰাকীক আদৰণি জনাই। উপায়ুক্ত গৰাকীয়ে ১৭০০ শতিকাতে খন্দোৱা ঐতিহাসিক বামুনপুখুৰীটোৰ চাৰি দিশৰ চাৰিটা পাৰ সংৰক্ষণ কৰাৰ লগতে এক খোজকঢ়াৰ সুবিধা হোৱাকৈ স্থান নিৰ্মাণৰ পৰামৰ্শ দিয়ে আৰু পৰ্যায়ক্ৰমে আটকধুনীয়াকৈ এক ক্ষেত্ৰ নিৰ্মাণৰ পৰামৰ্শ দিয়ে।
আজি উপায়ুক্তৰ ভ্ৰমণ কালত গদাধৰ সিংহ ঐতিহ্য ক্ষেত্ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ বৰুৱা, সম্পাদক বিশ্বজিৎ বৰুৱা, সহ সম্পাদক প্ৰকাশ বৰুৱা, উপ সভাপতি অৰূপ হাজৰিকা, প্ৰচাৰ সম্পাদক গকুল বৰুৱাকে ধৰি স্থানীয় ৰাইজ উপস্থিত থাকে।
Comments