Cartoon
View Older
গুৱাহাটী,২৯ নৱেম্বৰ:শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফটাবক আক্ৰমণ কৰাসকলক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ । সোমবাৰে সন্ধিয়া আফটাবক এছ এফ এলৰ কাৰ্যালয়ৰ বাহিৰলৈ অনাৰ সময়তে তেওঁক তৰোৱালেৰে আক্ৰমণ কৰা হয় । ঘটনাস্থলীৰ পৰাই আৰক্ষীয়ে ৫ আক্ৰমণকাৰীৰ ভিতৰত দুজনক গ্ৰেপ্তাৰ কৰে ।
মঙলবাৰে পুৱা অভিযুক্তক আদালতত হাজিৰ কৰোৱাত অভিযুক্তক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । তথ্য অনুসৰি দিল্লীৰ ৰোহিনী এফ এছ এলৰ কাৰ্যালয়ৰ বাহিৰত আফটাবক আক্ৰমণ কৰিবলৈ গুৰগাঁৱৰ পৰা আহিছিল ৫ জন যুৱক ।
Comments