গুৱাহাটী,২৯ নৱেম্বৰ:আজি শিলচৰত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত সমূহৰ কথা সদৰি কৰে।
কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
▶নতুন বছৰৰ ৩১ মাৰ্চলৈ নতুন অৰুণোদয় হিতাধিকাৰী সংযোজিত হ’ব।১০,৫৭,৫১৬ গৰাকী নতুন হিতাধীকাৰী সংযোজন হ’ব অৰুণোদয় আচনিত।পূৰ্বৰ পৰা ৰাজ্যত ১০ লাখ হিতাধিকাৰী আছে।মুঠ অৰুণোদয় হিতাধিকাৰী হ’বগৈ ২৭,৭৭,০০০ গৰাকী
▶২০ ফেব্ৰুৱাৰীৰ ভিতৰত বাচনি হ’ব অৰুণোদয়ৰ হিতাধিকাৰী।১০ এপ্ৰিলত প্ৰথম কিস্তিৰ ধন পাব হিতাধিকাৰীয়ে।অৰুণোদয়ৰ নামত বাৰ্ষিক ৪ হাজাৰ কোটি টকা ব্যয় হ’ব।এইবাৰৰ পৰা বিধৱা পেন্সন পোৱা মহিলায়ো অৰুণোদয়ৰ সুবিধা পাব।দীনদয়াল দিব্যাংগ আঁচনিৰ হিতাধিকাৰীয়ে পাব অৰুণোদয়।
▶কেবিনেটত ৩২২টা প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।৩২ বছৰ পুৰণি প্ৰস্তাৱো কেবিনেটত অনুমোদন।১৯৯০ চনত দিয়া প্ৰকল্পৰ প্ৰস্তাৱত আজি কেবিনেটে অনুমোদন জনায়।
▶গুৱাহাটীত ৩খন নতুন উৰণীয়া সেতুৰ অনুমোদন কেবিনেটৰ।এখন উৰণীয়া সেতু হ’ব ডাউন টাউন হাস্পতালৰ সমুখত।এখন উৰণীয়া হ’ব ফটাশিল চাইকেল ফেক্টৰীৰ ওচৰত আৰু আনখন হ’ব কুমাৰপাৰা ফটাশিল ৰাস্তাৰ ওপৰত।সমগ্ৰ জিএছ ৰোড ট্ৰেফিক পইণ্ট বিহীন কৰাৰ পৰিকল্পনা লৈছে চৰকাৰে।
▶গুৱাহাটীৰ বিমানবন্দৰৰ পৰা আজাৰালৈ হ’ব নতুন পথ।গুৱাহাটীৰ বিমান বন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ পৰা আজাৰৰ লৈকে এটা নতুন পথৰ সিদ্ধান্ত লোৱা হৈছে।
▶ পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰো পৰিকল্পনা চৰকাৰৰ।
▶ কেবিনেটত মাজুলী-লখিমপুৰ সংযোগী দলং নিৰ্মাণৰো সিদ্ধান্ত লোৱা হয়।
▶ জিলাই জিলাই ১৫ হাজাৰ কোটি টকাৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত কেবিনেট বৈঠকত।
▶বৰাকৰ জিচি কলেজ বিশ্ববিদ্যালয় হ’ব।
▶শিলচৰৰ মিনি সচিবালয়ৰ বাবে ১৩৫ কোটি টকা ধাৰ্য কৰা হৈছে।
Comments