গুৱাহাটী,২৯ নৱেম্বৰ:বিগত ১ নৱেম্বৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা মঙলবাৰে বোকাখাতত উপস্থিত হয় ৷ গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু বোকাখাত ব্লক কংগ্ৰেছ আৰু টাউন ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত ভাৰত জোড়ো যাত্ৰা আজি ২৯ দিনত উপনীত হৈছে ৷
বোকাখাতত উপস্হিত হৈ মুখ্যমন্ত্ৰীক উভটি ধৰিলে ৰিপুন বৰাই । তেওঁ কয়,"আজি আমি উজনি অসমত ভৰি দিছোহি ৷ আজি আমাৰ ২৯ দিন হ’ল ভাৰত জোড়ো যাত্ৰা অসম অনুষ্ঠিত হোৱা ৷ আমাৰ এই যাত্ৰাৰ মূল লক্ষ্যই হৈছে অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িকতাৰ বিষবাষ্পক বিদায় দি আগন্তুক দিনত সম্প্ৰীতি আৰু প্ৰগতিৰ এখন অসম গঢ়াৰ ৷
বৰ্তমান কেবিনেট বৈঠকৰ নামৰ পিকনিকেই চলি আছে ৷ মাজুলীত দেখিছিলো নহয় পিকনিক খোৱা ৷ তাৰ পিছত দলঙত কি হ’ল সকলোৱে দেখিছে ৷ মাজুলীত কি অৱস্থা হৈছে, চিকিৎসা নাই , লোক মৰিছে, প্ৰথম কেবিনেট মাজুলীতে হৈছিলে ৷ চৰকাৰে পিকনিক খাই আছে, মানুহ নাও ডুবি মৰি আছে, সীমান্তত মৰি আছে, গুৱাহাটীত ডকাইত-চোৰে মানুহ মাৰি আছে ৷"
Comments