Cartoon
View Older
গুৱাহাটী,২৯ নৱেম্বৰ:ৰেগিঙৰ বলি হৈ চিকিৎসাধীন হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'লে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।
ডিব্ৰুগড় আদিত্য নাৰ্চিং হোমত চিকিৎসাধীন হৈ থকা ভুক্তভোগী ছাত্ৰজনৰ চিকিৎসা ব্যৱস্থাৰ বুজ লৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ৰেগিঙৰ ঘটনাত জড়িত কোনো দোষী ব্যক্তি সাৰি যাব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।
এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়াৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । অন্যহাতে প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ছাত্ৰ আনন্দ শৰ্মাক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়া হ'ব বুলিও তেওঁ সদৰী কৰে ।
Comments