গুৱাহাটী,২৯ নৱেম্বৰ:ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ আভ্যন্তৰৰ এটা ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি গ্ৰেপ্তাৰ হ’ল বাংলাদেশী যুৱক ৷ ফটো-ভিডিঅ’ ভাইৰেল হোৱাৰ প্ৰায় এসপ্তাহৰ পাছতে এই কাণ্ডৰ বাবে বাংলাদেশী যুৱকজনক গ্ৰেপ্তাৰ কৰা হয় ৷ দ্বাদশ শতিকাৰ এই মন্দিৰটোৰ নিৰাপত্তাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে এই ফটো-ভিডিঅ’ ভাইৰেলৰ পাচত ।
তথ্য অনুসৰি, বাংলাদেশৰ চিলেট জিলাৰ জিন্দাবজাৰৰ আকাশ চৌধুৰী (২৩) নামৰ যুৱকজনক সিংহদ্বাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । অভিযুক্তৰ পৰা এটা ম'বাইল ফোন আৰু বাংলাদেশী পাছপ’ৰ্ট জব্দ কৰিছে আৰক্ষীয়ে । অধিক তথ্যৰ বাবে যুৱকজনক জেৰা কৰি থকা হৈছে । জগন্নাথ মন্দিৰৰ ভিতৰত ফটো তুলি ফেচবুক একাউণ্টত শ্বেয়াৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয় যুৱকজন।
উল্লেখযোগ্য যে, মন্দিৰ চৌহদৰ ভিতৰত মোবাইল ফোন আৰু কেমেৰা নিষিদ্ধ । কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা শ্ৰী জগন্নাথ মন্দিৰত দ্বাদশ শতিকাৰ মন্দিৰৰ আভ্যন্তৰৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে নিৰাপত্তাৰ দিশটোক লৈ প্ৰশ্ন উঠিছে । ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ছবিখনত প্ৰভূ জগন্নাথক দেখা গৈছিল বুলি অভিযোগ উঠিছে । পশ্চিম বংগৰ আকাশ চৌধুৰী নামৰ এজন যুৱকৰ ফেচবুক একাউণ্টৰ পৰা এই ফটোখন উদ্ধাৰ কৰা হৈছে ।
Comments