গুৱাহাটী, ৩০ নৱেম্বৰঃ চলিত ফিফা বিশ্বকাপৰ মঙলবাৰে অনুষ্ঠিত খেলত নেডাৰলেণ্ডে কাটাৰক ২-০ গ'লত পৰাস্ত কৰে আনহাতে ইছমাফিলে চাৰৰ পেনাল্টি আৰু কালিদৌ কৌলিবালিৰ দ্বিতীয়াৰ্ধৰ ষ্ট্ৰাইকে মঙলবাৰে ফিফা বিশ্বকাপ ২০২২ত ইকুৱেডৰৰ বিৰুদ্ধে বৃহৎ জয় লাভ কৰে। গ্ৰুপ এ ৰ লীডত থকা নেডাৰলেণ্ডৰ সৈতে ছেনেগালেও যোগ দিছে, কিয়নো দলটোৱে ইকুৱেডৰৰ বিৰুদ্ধে ২-১ ৰ জয়ৰ সৈতে ফিফা বিশ্বকাপৰ অন্তিম ১৬ ত প্ৰৱেশ কৰিছে। ২০০২ চনত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা ছেনেগালে কাটাৰ বিশ্বকাপত গ্ৰুপ বিৰ বিজয়ী দলৰ সৈতে খেলিব।
ফিফাৰ দৰে বৃহৎ পৰ্যায়ৰ প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ ১০ বছৰতকৈও অধিক সময় অতিবাহিত কৰা কাটাৰে ৯২ বছৰত ফিফা বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰা প্ৰস্থান কৰা আটাইতকৈ প্ৰাৰম্ভিক ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছ। কাটাৰে ৩ টা গ্ৰুপ গেমৰ আটাইকেইখন খেলতে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে।
Comments