গুৱাহাটী,৩০ নৱেম্বৰ:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰা।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰা।এই বিস্ফোৰক অভিযোগ মৃত্যুৰে সৈতে যুঁজি থকা ৰেগিঙৰ বলি হোৱা ছাত্ৰ আনন্দ শৰ্মাৰ।
উজ্জ্বল অংকুৰ বৰাই ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাৰ ম'বাইল ফোন কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং আনন্দ শৰ্মাই।শাৰীৰিকভাৱে নিৰ্যাতন চলাই আনন্দ শৰ্মাৰ ম'বাইল ফোনটো কাঢ়ি লৈছিল উজ্জ্বলে।আতিশয্য চলাই থকা অৱস্থাত ভিডিঅ' ৰেকৰ্ডিং কৰি ৰেগিঙৰ প্ৰমাণ নাৰাখিবলৈ অথবা কোনো ব্যক্তিক যোগাযোগ কৰিব নোৱাৰাৰ বাবে কাঢ়ি নিয়া হৈছিল ম'বাইল ফোনটো।
ইফালে, ডিব্ৰুগড় ৰেগিং কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।উল্লেখযোগ্য যে দোষী সাব্যস্ত হ'লে কেৱল সম্পাদকৰ পদেই নহয় বিশ্ববিদ্যালয়ো এৰিব লাগিব উজ্জ্বল অংকুৰ বড়াই।এই কথা এই ঘোষণা কৰিছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই।
Comments