Cartoon
View Older
গুৱাহাটী, ৩০ নৱেম্বৰঃ বুধবাৰে লক্ষ্ণৌ বাহৰেইচৰ টাপে চিপাহ অঞ্চলত বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত ৬ জন লোকৰ কৰুণ মৃত্যু হয় আৰু ১৫ জন গুৰুতৰভাৱে আহত হয়। ষ্টেচন হাউচ অফিচাৰ (এছএইচঅ') ৰাজেশ সিঙে বুধবাৰে পুৱা সংঘটিত হোৱা দুৰ্ঘটনাটোত৬ জন লোকৰ মৃত্যু হোৱা নিশ্চিত কৰিছে। ইপিনে, আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় অনুসন্ধান কৰি আছে যদিও দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
ইপিনে, উক্ত ঘটনা সন্দৰ্ভত জিলা উপায়ুক্ত ড০ দিনেশ চন্দ্ৰই কৈছে যে, "বাছখন জয়পুৰৰ পৰা আহি বাহৰেইচলৈ গৈ থকা সময়ত পুৱা প্ৰায় ৪:৩০ বজাত, ভুল দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে ই সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ১৫ জন গুৰুতৰভাৱে আহত হৈছে, ইয়াৰে ৪ জনৰ অৱস্থা সংকটজনক।"
Comments