গুৱাহাটী,৩০ নৱেম্বৰ:নতুন দিল্লীলৈ স্থানান্তৰ কৰিব পৰা নাযাব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত আহত ছাত্ৰ আনন্দ শৰ্মাক৷কাইলৈ এয়াৰ এম্বুলেন্সেৰে এইমছলৈ নিয়াৰ কথা আছিল আনন্দক।আনন্দ শৰ্মাক উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও এইক্ষেত্ৰত অসুবিধা আহি পৰিছে।
সংকটজনক অৱস্থাৰ বাবে আনন্দ শৰ্মাক এইমছলৈ স্থানান্তৰৰ সিদ্ধান্ত বাতিল কৰা হৈছে।চিকিৎসকৰ মতে, লৰচৰ কৰিলেই স্নায়ু চেপা খোৱাৰ সম্ভাৱনা আছে৷আনন্দৰ ৰাজহাড় কেইবাটুকুৰা হোৱাটো চিন্তনীয় বিষয় হৈ পৰিছে।বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছে ছাত্ৰজন।কাইলৈ পুৱা ১০ বজাত ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমতে হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ৷
উল্লেখযোগ্য যে,ৰাজহাড় ভঙাৰ লগতে হাত, ভৰি–বুকুতো গুৰুতৰ আঘাত পাইছে আনন্দই।শৰীৰৰ কেইবাটাও অংগ প্ৰায় অচল হৈ পৰিছে।যন্ত্ৰণাত থাকিব নোৱাৰি ছটফটাই আছে আনন্দ শৰ্মাই।
Comments