গুৱাহাটী,৩০ নৱেম্বৰ:দেশৰ অগ্ৰণী ক্রীড়া প্ৰশাসকসকলৰ অন্যতম হিচাপে পৰিগণিত হোৱা বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সম্পাদকপ্রধান হেমন্ত কুমাৰ কলিতাক এছিয়ান বক্সিং কনফেডাৰেশ্যন চমুকৈ এ এছ বি চি য়ুথ কমিশ্যনৰ অধ্যক্ষ পিচাই চুনহাভাজিৰাই আজি এই কথা সদৰী কৰে এক পত্ৰযোগে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এছিয়া মহাদেশৰবক্সিং ক্ষেত্ৰত সুনাম ৰক্ষা, দায়বদ্ধতা ৰক্ষা আৰু সম্পূৰ্ণ দক্ষতাৰে কাম-কাজ সম্পন্ন কৰি য়ুথ কমিছনৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিব বুলি এ এছ বি চিৰ অধ্যক্ষগৰাকীয়ে আশা প্ৰকাশ কৰিছে। উল্লেখ্য, অসম এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা হেমন্ত কুমাৰ কলিতাৰ নেতৃত্বতেই অসমত বক্সিং খেলৰ প্ৰসাৰ উন্নয়নে এক শক্তিশালী গতি লাভ কৰিছে।
শিৱ থাপা, লাভলীনা বৰগোঁহাই, ভাগ্যৱতী কছাৰী, পুইলাও বসুমতাৰী, যমুনা বড়ো, অংকুৰিতা বড়োৰ দৰে অলিম্পিক জয়ী, আন্তঃৰাষ্ট্ৰীয় বক্সাৰে দেশলৈ গৌৰৱ কঢ়িয়াইছে। বিশেষকৈ যোৱা দুটা দশকত অসমত কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে অসম এমেছাৰ বক্সিং এছ'চিয়েশ্যনৰ উদ্যোগত। আনহাতে প্ৰশিক্ষণৰ ক্ষেত্ৰতো অসমৰ প্ৰণামিকা বৰা আৰু ত্ৰিদীপ বড়ো আদিয়ে ভাৰতীয় দলক প্রশিক্ষণ প্ৰদান কৰি আহিছে। হেমন্ত কুমাৰ কলিতাই বক্সিং প্রশাসক হিচাপে এইক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।
Comments