গুৱাহাটী, ৩০ নৱেম্বৰঃ বাগালকোটৰ হানাগল শ্ৰী কুমাৰেশ্বৰ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰত বমি আৰু পেটৰ সমস্যাত ভুগি থকা ৰোগী এজনৰ অস্ত্ৰোপচাৰ কৰি চিকিৎসকে ১৮৭ টা মুদ্ৰা উদ্ধাৰ কৰে। এই ঘটনা সন্দৰ্ভত চিকিৎসকে কৈছে যে, "বমি আৰু পেটৰ সমস্যাত ভুগি থকা এজন ৰোগীৰ পেটৰ পৰা চিকিৎসকে অস্ত্ৰোপচাৰ কৰি ১৮৭ টা মুদ্ৰা উদ্ধাৰ কৰিছে।"
লগতে অস্ত্ৰোপচাৰ কৰা চিকিৎসক ডাঃ ইশ্বৰ কালাবুৰ্গীয়ে কয় যে, "ৰোগীজন মানসিক ৰোগত ভুগি আছিল আৰুআৰু বিগত ২-৩ মাহ ধৰি মুদ্ৰাবোৰ খায় আছিল। তেওঁ বমি আৰু পেটৰ সমস্যাত ভুগি অৱশেষত চিকিৎসালয়লৈ আহে। পিছত তেওঁৰ এক্স-ৰে আৰু এণ্ডোস্কোপী কৰাত চিকিৎসকে জানিব পাৰিলে যে, ৰোগীজনে মুঠ ১৮৭ টা মুদ্ৰা গিলিছিল। ইয়াৰে ৫৬ টা ৫ টকাৰ মুদ্ৰা, ৫১ টা ২ টকাৰ আৰু ৮০ টা টকাৰ ১ টকীয়া মুদ্ৰা। দিয়ামাপ্পা হৰিজন বুলি চিনাক্ত কৰা লোকজন ৰাইচুৰ জিলাৰ লিংচুগুৰ চহৰৰ বাসিন্দা।
Comments