গুৱাহাটী,৩০ নৱেম্বৰ:ক'ভিড প্ৰতিষেধক লোৱা কোটি কোটি জনতাক চৰম শংকালৈ ঠেলি দিছে কেন্দ্ৰীয় চৰকাৰে।ক'ভিড ভেকছিন সম্পৰ্কীয় মৃত্যুৰ বাবে চৰকাৰ দায়বদ্ধ নহয়।ক'ভিড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াত হোৱা মৃত্যুৰ দ্বায়িত্ব নলয় চৰকাৰে।দেশৰ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এক শপতনামাত এই কথা জনাইছে।
ক'ভিড ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত মৃত্যু হোৱা দুগৰাকী ছোৱালীৰ অভিভাৱকৰ দ্বাৰা দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ কৈফিয়ৎ তলব কৰিছিল।এই কৈফিয়ৎ সন্দৰ্ভত চলিত বৰ্ষৰ নৱেম্বৰৰ ২৯ তাৰিখে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এক শপতনামা দাখিল কৰে।এই শপতনামা অনুসৰি, প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াত মৃত্যু হোৱা লোকৰ দ্বায়িত্ব গ্ৰহণ নকৰে চৰকাৰে।
কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক কৈছে যে,ক'ভিড টিকাকৰণ কাৰ্যসূচীৰ অধীনত ব্যৱহৃত ভেকছিনবোৰ তৃতীয় পক্ষৰ দ্বাৰা নিৰ্মাণ কৰা হয় আৰু সেইবোৰক সুৰক্ষিত আৰু কাৰ্যকৰী হিচাপে স্বীকৃতি দিয়া হয়।আৱেদনকাৰীসকলৰ সংশ্লিষ্ট সন্তানৰ কৰুণ মৃত্যুৰ বাবে ৰাজ্যখনক কেনেদৰে কঠোৰ দায়বদ্ধতাৰে বান্ধি ৰাখিব পাৰি তাৰ পৰামৰ্শ দিয়াৰ কোনো সামগ্ৰী নাই যিটো সংবিধানৰ ৩২ নং অনুচ্ছেদৰ অধীনত ৰাজ্যখনৰ বিৰুদ্ধে ক্ষতিপূৰণৰ দাবী বজাই ৰখাৰ বাবে আইনত প্ৰয়োজনীয়।
Comments