গুৱাহাটী,৩০ নৱেম্বৰ:২০১৩ চনৰ অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক তথ্যৰ মতে গুৱাহাটীৰ সৰু আৰু মধ্যম সকলো ধৰণৰ উদ্যোগ, কাৰখানা, ব্যৱসায় প্ৰতিষ্ঠান, অট্টালিকা, গৃহ আদিৰ নিৰ্গত দূষিত পানী আৰু জাৱৰবোৰ ভৰলুৰ বুকুতেই পেলোৱা হয়৷আনফালে গুৱাহাটী মহানগৰীৰ ৩৩০ টা নলাই কঢ়িয়াই নিয়া দূষিত পানী আৰু জাবৰ, পলিথিন আদিবোৰ গৈ ভৰলুতে পৰিছে৷কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে ভৰলুক দেশৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত নদী বুলি চিনাক্ত কৰাৰ পাছত ২০২১ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভৰলুক চাফা কৰা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷কিন্তু বাস্তৱত সেই লক্ষ্য পূৰণ হোৱাৰ কৰাত চৰকাৰ তথা দায়িত্বশীল বিভাগে চৰম বিফলতাহে গ্ৰহণ কৰিলে৷
আনহাতে ভৰলুৰ বুকু দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা অট্টালিকা আৰু ব্যাৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত চৰম ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে চৰকাৰ তথা কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ ফলত প্ৰতিবছৰে অধিক বৃদ্ধি পাইছে দখলকাৰীৰ সংখ্যা৷একাংশ চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ দখলৰ হেঁচাত এতিয়া কিছু কিছু স্থানত ভৰলু নদীখন এটা সৰু নলাৰ দৰে হৈ পৰিছে৷ ইয়াৰ বিপৰীতে সকলো জানি, দেখিও চকু মুদি বহি আছে প্ৰশাসন, পৌৰনিগম তথা চৰকাৰ৷চৰকাৰ তথা জিলা প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকাৰ বাবেই এতিয়া দিনে দিনে জাবৰৰ দ’ম আৰু একাংশৰ দখলৰ বাবে ক্ৰমাৎ সোঁৱৰণী হোৱাৰ দিশে আগবাঢ়িছে ভৰলু নদী৷
অৱশ্যে ২০১৪ চনৰ মাজভাগত মহানগৰৰ নদী, বিল আৰু জলাশয়ৰ মাটি দখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল তেতিয়াৰ কংগ্ৰেছ চৰকাৰে৷ মহানগৰৰ একাধিক ঠাইত নদী, বিল আৰু জলাশয়ৰ মাটি দখল কৰি নিৰ্মাণ কৰা বাসগৃহ, প্ৰতিষ্ঠানত উচ্ছেদ অভিযান চলোৱা হৈছিল৷ গতিকে কংগ্ৰেছ চৰকাৰৰ শাসনৰ পাছত অহা পৰিৱৰ্তনকামী চৰকাৰখনে কেতিয়াও ভৰলুৰ বুকু দখল কৰা অবৈধ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে সেইক্ষেত্ৰত প্ৰশ্নৰ লগতে ৰহস্যৰ সৃষ্টি হৈছে৷
প্ৰণিধানযোগ্যভাৱে গুৱাহাটী স্মাৰ্ট চিটিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পাছতেই মহানগৰখনৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দি প্ৰথম অৱস্থাত ব্ৰহ্মপুত্ৰৰ পাৰৰ ৯০ একৰ ভূমি, ভৰলু নদীৰ ১০০ একৰ ভূমি, মৰাভৰলু আৰু পামহী নদীৰ ৯২ একৰ ভূমি, বৰচলা বিলৰ ৩০ একৰ ভূমি আৰু দিপৰ বিলৰ ৩৮০ একৰ ভূমি অৰ্থাৎ মুঠ ৬৯২ একৰ ভূমিত উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰা হ’ব বুলি পৌৰ নিগমৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল৷কিন্তু কাৰ্যত হৈ নুঠিল৷
Comments