গুৱাহাটী,৩০ নৱেম্বৰ:গুৱাহাটী মহানগৰৰ জি এছ ৰ’ড, আৰ জি বৰুৱা ৰ’ড, এ টি ৰ’ড, জি এন বি ৰ’ড, এম জি ৰ’ড, ডি গোস্বামী ৰ’ড, এ কে আজাদ ৰ’ড আদি মূল পথসমূহৰ লগতে ভিতৰুৱা পথসমূহতো নাগৰিকৰ একেই অৱস্থা৷ এতিয়া চৌদিশে কেৱল যান-জঁটৰ সমস্যা৷কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গুৱাহাটী পৌৰ নিগমে কেইবছৰমান পূৰ্বে মহানগৰৰ জি এছ ৰ’ডটো সম্পূৰ্ণ যান-জঁট মুক্ত কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছিল৷
সেই অনুসৰি জিলা প্ৰশাসনে জি ৰ’ডৰ দুয়োকাষে থকা সকলো ব্যাৱসায়িক প্ৰতিষ্ঠানক নিজা গ্ৰাহকৰ যান-বাহন পাৰ্কিং কৰাৰ বাবে নিজাববীয়া পাৰ্কিং প্লেচৰ ব্যৱস্থা কৰিবলৈ কঠোৰভাৱে নিৰ্দেশ দিছিল৷ ব্যস্ত পথটোৰ কাষত থকা বহু অট্টালিকাৰ অবৈধ নিৰ্মাণ উচেছদ আৰম্ভ কৰি নতুন অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত নিজাববীয়া পাৰ্কিঙৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক কৰিছিল৷
কিন্তু জিলা প্ৰশাসনে এই সকলো পদক্ষেপ সঠিকভাৱে কাৰ্যকৰী নকৰাত জি এছ ৰ’ডৰ সমস্যা এতিয়া দুগুণ বৃদ্ধি পাইছে৷জিলা প্ৰশাসনৰ উক্ত বৃহৎ ঘোষণা কাৰ্যকৰী কৰা হ’লে গুৱাহাটীৰ নাগৰিকে কিছু বছৰলৈ যান-জঁটৰ সমস্যাৰ পৰা মুক্ত হ’ব পাৰিলেহেঁতেন৷বৰ্তমান প্ৰশাসনে ব্যস্ত মহানগৰত বিভিন্ন ব্যস্ত পথসমূহৰ দুয়োকাষ ব্যৱহাৰ কৰি যান-বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা কৰি দিছে৷ যাৰ বাবে গুৱাহাটীত এই সমস্যাই অধিক ভয়াৱহ হৈ পৰিছে৷
Comments