গুৱাহাটী,৩০ নৱেম্বৰ:ঐতিহ্যমণ্ডিত শিৱসাগৰৰ এটি ৰোডৰ সমীপত অৱস্থিত মৰিবিলত স্থাপন কৰা শিৱসাগৰ জিলা ৰয়িং এণ্ড ব’টিং সংস্থাৰ ১১ সংখ্যক প্রতিষ্ঠা দিৱস ২ ডিচেম্বৰত দিনজোৰাকৈ পালন কৰিবলৈ লোৱা হৈছে । উল্লেখ্য যে ১১ টা বছৰৰ পূৰ্বে এই ক্রীড়া সংস্থানটোৰ জন্ম হৈছিল । এই সংস্থাত নাও চালনা আৰু ক্ৰিয়া ৰয়িঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি জিলাখনৰ ভালেমান প্রতিভাবান খেলুৱৈয়ে ৰাজ্যৰ ভিতৰে বাহিৰে বহু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে ।
ইফালে ১১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সংস্থাই ২ ডিচেম্বৰৰ পৰা মৰিবিলত এমেছাৰ পেডেল-ব 'টিঙৰ বিশেষ আয়োজন কৰিছে। সংস্থাৰ অধ্যক্ষ তথা দক্ষ খেলুৱৈ, সমাজকর্মী ধনঞ্জয় শইকীয়াই জনোৱা মতে শিৱসাগৰ জিলালৈ আগমন ঘটা দেশী- বিদেশী পর্যটকসকলক লক্ষ্য কৰি সংস্থাই এমেছাৰ পেডেল-ব'টিঙৰ দৰে ভৰিৰে চলোৱা পৰিৱেশ অনুকূল নাও চালনাৰে জলক্রীড়াৰ সুবিধা মৰিবিলত সংযোজিত কৰিছে।
Comments