Cartoon
View Older
গুৱাহাটী, ৩০ নৱেম্বৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে বুধবাৰে ৰাজ্যৰ মীন উন্নয়ন নিগম আৰু মীন পালন সঞ্চালকালয়ক অবৈধ নিযুক্তিৰ বিৰুদ্ধে দাখিল কৰা এক পিআইএলৰ শুনানিৰ পিছত জাননী জাৰি কৰে। জয়দেৱ দাস নামৰ এজন ব্যক্তিয়ে মীন উন্নয়ন নিগমত অবৈধ নিযুক্তি সন্দৰ্ভত আদালতত পিআইএল দাখিল কৰিছিল। উক্ত পিআইএলত অবৈধ নিযুক্তি দিয়া শীৰ্ষ আমোলাসকল আৰু এই বিষয়াসকলৰ ওপৰত তদন্ত কৰিবলৈ দাখিল কৰা হয়।
ইপিনে, পিআইএলৰ শুনানিৰ পিছত, ন্যায়ালয়ে মীন উন্নয়ন নিগম আৰু মীন সঞ্চালকালয়ক জাননী জাৰি কৰে। য'ত কৰ্পোৰ্টেচনৰ তদানীন্তন অধ্যক্ষ ৰমাকান্ত দেউৰীৰ অধীনত প্ৰায় ২১৭ জন কৰ্মচাৰীক অবৈধভাৱে নিয়োগ কৰা হৈছে বুলি জানিব পৰা গৈছে।
Comments